অসম

assam

ETV Bharat / bharat

Amit Shah Manipur Visit: মণিপুৰত অমিত শ্বাহৰ সৰ্বদলীয় বৈঠক; শান্তি ওভতাই অনাৰ বাবে সকলোকে সহায়ৰ আহ্বান - Amit Shah meets prominent personalities in Imphal

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ চাৰিদিনীয়া দীঘলীয়া মণিপুৰ ভ্ৰমণ সূচীৰ দ্বিতীয়দিনা মঙলবাৰে এক সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰে (Amit Shah holds all party meet in Manipur) । লগতে হিংসাপীড়িত ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা উভতাই আনিবলৈ বিশিষ্ট ব্যক্তি আৰু মহিলা নেতৃবৃন্দক সাক্ষাৎ কৰে ।

Amit Shah holds all party meet in Manipur
Amit Shah holds all party meet in Manipur

By

Published : May 30, 2023, 8:31 PM IST

নিউজ ডেস্ক, ৩০ মে':হিংসাজৰ্জৰ মণিপুৰত চাৰিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে নিশা ইম্ফলত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah Manipur visit) । ইয়াৰে দ্বিতীয়দিনা মঙলবাৰে এক সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰে অমিত শ্বাহে (Amit Shah holds all party meet in Manipur) । লগতে হিংসাপীড়িত ৰাজ্যখনৰ স্বাভাৱিক পুনৰুদ্ধাৰৰ বাবে ৰাজ্যখনৰ বিশিষ্ট ব্যক্তি আৰু মহিলা নেতৃবৃন্দক সাক্ষাৎ কৰে ।

অমিত শ্বাহে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ উপস্থিতিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বাসগৃহত এই সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে (Home Minister Amit Shah meets Manipur CM) । বৈঠকত হিংসাত্মক ঘটনাৰ লগতে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে সম্পৰ্ক থকা বিষয়সমূহৰ ওপৰত আলোচনা হয় । লগতে ৰাজ্যখনত হিংসা নিয়ন্ত্ৰণ আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে এক বিতং পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে ।

উল্লেখ্য, দিনটোৰ আৰম্ভণিতে মঙলবাৰে গৃহ মন্ত্ৰীয়ে ইম্ফলত বিশিষ্ট ব্যক্তিসকলৰ সৈতে এখন বৈঠকত মিলিত হয় (Amit Shah meets prominent personalities in Imphal) । বৈঠকত তেওঁলোকে শান্তিপূৰ্ণ পৰিস্থিতিৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে । লগতে মণিপুৰত স্বাভাৱিক অৱস্থা ওভতাই অনাৰ পথ প্ৰশস্ত কৰাত তেওঁলোকে অৰিহণা যোগাব বুলিও আশ্বাস দিয়ে (violence hits Manipur) ।"

গৃহ মন্ত্ৰীয়ে মঙলবাৰে ৰাজ্যখনৰ মহিলা নেতৃবৃন্দৰ (মেইৰা পাইবি) এটা দলৰ সৈতেও বৈঠকত মিলিত হয় । অমিত শ্বাহে মণিপুৰৰ সমাজ ব্যৱস্থাত মহিলাসকলৰ ভূমিকাৰ তাৎপৰ্য পুনৰ দোহাৰি কয় যে, "একেলগে আমি ৰাজ্যখনত শান্তি আৰু সমৃদ্ধি নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ (Manipur violence latest update) ।"

উল্লেখ্য, ১ জুনলৈকে মণিপুৰলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে অহা অমিত শ্বাহে সোমবাৰে সন্ধিয়া ইম্ফলত উপস্থিত হোৱাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যখনৰ মন্ত্ৰীসকল, জ্যেষ্ঠ নেতা আৰু বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে । উক্ত বৈঠকত সাম্প্ৰতিক পৰিস্থিতিৰ মূল্যায়ন আৰু ৰাজ্যখনত শান্তি স্থাপনৰ বাবে পৰৱৰ্তী পদক্ষেপৰ ওপৰত এক পৰিকল্পনা প্ৰস্তুত কৰে ।

উক্ত বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা আৰু চোৰাংচোৱা ব্যুৰোৰ মুৰব্বী তপন ডেকাৰ লগতে ৰাজ্য তথা কেন্দ্ৰৰ সংশ্লিষ্ট অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Amit Shah Visit Manipur : মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত

ABOUT THE AUTHOR

...view details