অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হ’ল অমিত শ্বাহ

কেইবা দশকৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত তৃণমূল পৰ্যায়ৰ গণতান্ত্ৰিক ব্যৱস্থা স্থাপন হৈছে (Grassroots democratic setup was established in Jammu Kashmir)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদক্ষেপৰ বাবে জম্মু-কাশ্মীৰৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে । কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত (Foundation day of CRPF) উপস্থিত থাকি এনেদৰে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে অমিত শ্বাহে ।

By

Published : Mar 20, 2022, 2:03 PM IST

Amit Shah
কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অমিত শ্বাহ

নেশ্যনেল ডেস্ক,২০ মাৰ্চ : জম্মু-কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah praises PM Modi in Jammu and Kashmir)। জম্মু-কাশ্মীৰত তৃণমূল পৰ্যায়ত গণতান্ত্ৰিক প্ৰতিষ্ঠা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । অমিত শ্বাহৰ মতে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্ৰুত বিকাশ আৰু পৰিৱৰ্তন সম্ভৱ হৈছে ।

বিশেষকৈ জম্মু-কাশ্মীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিছে (Changes in Jammu Kashmir) । তেওঁৰ মতে কেইবা দশকৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত তৃণমূল পৰ্যায়ৰ গণতান্ত্ৰিক ব্যৱস্থা স্থাপন কৰা হৈছে (Grassroots democratic setup in Jammu Kashmir)।

উল্লেখ্য যে জম্মুত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (CRPF) ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী (Amit Shah at CRPF Raising Day)। এই কাৰ্যসূচীত উপস্থিত ৰাইজক সম্বোধন কৰি অমিত শ্বাহে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে । তেওঁ উল্লেখ কৰা মতে জম্মু আৰু কাশ্মীৰৰ প্ৰতিখন গাঁৱৰ জনপ্ৰতিনিধিসকলৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলত উন্নয়ন সম্ভৱ হৈছে । ৩০,০০০ তকৈও অধিক জনপ্ৰতিনিধি গণতান্ত্ৰিক ব্যৱস্থাৰ অংশ হৈ পৰিছে, যিটো জম্মু-কাশ্মীৰ আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয় ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে জম্মু-কাশ্মীৰৰ প্ৰতিখন গাঁৱৰ পঞ্চায়ত, ব্লক পঞ্চায়ত, জিলা পঞ্চায়তে গাঁওবোৰক উন্নয়নৰ পথত লৈ গৈছে । তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ ৩৭০ বাতিল (Repeal of Article 370) কৰাৰ ফলত জম্মু-কাশ্মীৰত সামগ্ৰিক উন্নয়নৰ যুগ আৰম্ভ হৈছে । যাৰ ফলত সমাজৰ মহিলা আৰু দলিত শ্ৰেণীসমূহক উন্নয়নৰ মূল সুঁতিলৈ অনা হৈছে ।

অনুষ্ঠানত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীকো প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে মাওবাদী প্ৰভাৱিত অঞ্চল বা পাকিস্তানী সন্ত্ৰাসবাদী অধ্যুষিত কাশ্মীৰত চিআৰপিএফৰ ভূমিকা প্ৰশংসনীয় । লগতে উত্তৰ-পূৱত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো চিআৰপিএফে এক প্ৰশংসনীয় ভূমিকা পালন কৰিছে । কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলকো স্মৰণ কৰে অমিত শ্বাহে ।

উল্লেখ্য যে, প্ৰতিবছৰে ১৯ মাৰ্চত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । ১৯৩৯ চনৰ এই দিনটোতে 'Crown Representative's Police' হিচাপে স্থাপন হৈছিল এই বিশেষ বাহিনীৰ । ১৯৪৯ চনৰ ২৮ ডিচেম্বৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী হিচাপে ইয়াক পুনৰ নামকৰণ কৰা হয় ।

লগতে পঢ়ক :সাৱধান: আপোনাৰ ওচৰতো থাকিব পাৰে তিহাৰ জেলৰ কয়েদী

ABOUT THE AUTHOR

...view details