অসম

assam

ETV Bharat / bharat

Amit Shah in Bihar: কংগ্ৰেছৰ দুৱাৰত বহি প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে নীতিশ কুমাৰে; অমিত শ্বাহ - অমিত শ্বাহ

বিহাৰৰ এক ৰাজহুৱা সভাত অংশ লৈ নীতিশ কুমাৰক তীব্ৰ কটাক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ বিৰোধীৰ উমৈহতীয়া বৈঠকক লৈয়ো প্ৰশ্ন অমিত শ্বাহৰ ৷

Etv Bharat
Etv Bharat

By

Published : Jun 29, 2023, 7:02 PM IST

নেশ্যনেল ডেস্ক, 29 জুন: শুকুৰাবাৰে বিহাৰত উপস্থিত হৈ কংগ্ৰেছ, জেডিইউ(JDU) আৰু আৰজেডি(RJD)ক আক্ৰমণৰ লক্ষ্য কৰি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ‘পাল্টুৰাম’ আখ্যা অমিত শ্বাহৰ ৷

বিহাৰৰ লক্ষীসৰাইত এখন সভা সম্বোধন কৰি শ্বাহে কয়, ‘‘পাল্টু বাবু নীতিশ কুমাৰে সুধিছিল যে 9 বছৰত কেন্দ্ৰই কি কৰিছে ? অন্ততঃ আপুনি যাৰ সৈতে বহিছিল আৰু যাৰ বাবে আপুনি মুখ্যমন্ত্ৰী হৈছিল তেওঁলোকৰ প্ৰতি কিছু সন্মান ৰাখিব ৷ এই 9 বছৰত সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী মোদীয়ে যথেষ্ট কাম কৰিছে ৷ নীতিশ বাবু, যদি আপুনি শুনিব বিচাৰে, মই সম্পূৰ্ণ হিচাপ দিম ৷ ’’

নীতিশ কুমাৰে সকলো সময়তে ঘৰ সলনি কৰি থাকে বুলি উল্লেখ কৰি শ্বাহে কয় যে এইবাৰ নীতিশ কুমাৰে কংগ্ৰেছৰ দুৱাৰত বহি প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে ৷ উল্লেখ্য যে বিগত 23 জুনত নীতিশ কুমাৰৰ বাসগৃহত বিৰোধী দলসমূহে বৈঠকত মিলিত হৈছিল ৷

ইফালে অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰে বিহাৰত হাতত লোৱা কাম-কাজৰো খতিয়ান দাঙি ধৰে ৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী চড়ক যোজনা আঁচনিৰ অধীনত 175 কোটি টকা ব্যয় সাপেক্ষে বিহাৰত পথ নিৰ্মাণ কৰিছে, ৰে’লৱেই পাটনাত 13,400 কোটি টকা ব্যয়েৰে মেৰ্ট্ৰ’ৰ কাম আৰম্ভ কৰিছে ৷

গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘"কেন্দ্ৰৰ বিজেপি চৰকাৰে বিহাৰত 3,400 কোটি টকা ব্যয়েৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প ৰূপায়ণ কাম কৰিছে ৷ মোদী চৰকাৰে ভাৰতমালা আঁচনিৰ অধীনত 45,000 কোটি টকা আৱণ্টন দিছে ৷ বিহাৰ আৰু ঝাৰখণ্ড এক্সপ্ৰেছৱেৰ বাবে 28,000 কোটি টকা আৱণ্টন দিয়া হৈছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে 6,800 কোটি টকা ব্যয়েৰে গংগাৰ ওপৰত দলং নিৰ্মাণৰ বাবে অনুমোদন জনাইছে ৷’’

নীতিশ কুমাৰে লালু প্ৰসাদ যাদৱকো মুৰ্খ বনাইছে বুলি কটাক্ষ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ বৈঠকত মিলিত হোৱা বিৰোধী দলসমূহে 2004 চনৰ পৰা 2014 চনৰ ভিতৰত 20 কোটি টকাৰ কেলেংকাৰী কৰা বুলিও গুৰুতৰ অভিযোগ অমিত শ্বাহৰ ৷

লগতে পঢ়ক:Opposition unity meet: সলনি হ’ল স্থান; 13-14 জুলাইত বেংগালুৰুত বিৰোধীৰ উমৈহতীয়া বৈঠক

ABOUT THE AUTHOR

...view details