তেজপুৰ, 15 মে’ :কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক আশ্বাস দিয়ে যে ৰাজ্য আৰু কেন্দ্ৰীয় বাহিনীক লৈ গঠিত যুটীয়া নিৰীক্ষণ গোটে উগ্ৰপন্থীসকলক নিজৰ নিৰ্দিষ্ট স্থানলৈ ঘূৰাই পঠাবলৈ পদক্ষেপ গ্ৰহণ কৰি আহিছে । তেওঁলোকে SoO অধীনস্থ উগ্ৰপন্থী সংগঠনৰ বাহিৰেও বন্দুকধাৰী গোটসমূহ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাত জড়িত নেকি সেই সন্দৰ্ভতো পৰীক্ষা কৰি আছে ৷ সংবাদ মাধ্যমক অৱগত কৰি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আজি জানিবলৈ দিয়ে যে গৃহমন্ত্ৰীয়ে শেহতীয়া হিংসাত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে কি কৰিব পাৰি তাৰ বিৱৰণ দাখিল কৰিবলৈও কৈছে আৰু লগতে শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছে ।
১০ জন বিধায়কে পৃথক প্ৰশাসনৰ দাবী উত্থাপন কৰাৰ পিচত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে এনে কোনো পৰিস্থিতি নাই যিয়ে ৰাজ্যৰ অখণ্ডতাক প্ৰভাৱিত কৰিব বা পৰিৱৰ্তন কৰিব (Union Home minister Amit Shah)। তেওঁ জনোৱা মতে, তেওঁ আৰু তেওঁৰ কেবিনেট মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য মহাৰাজা লেইচেম্বা সনাজাওবাই দেওবাৰে সন্ধিয়া দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যখনৰ প্ৰচলিত পৰিস্থিতিৰ বিষয়ে অৱগত কৰে (Amit Shah assures Manipur CM to restore peace) ।
শ্বাহে আশ্বাস দিয়ে যে কেন্দ্ৰই ৰাজ্যখনৰ প্ৰচলিত পৰিস্থিতিৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰিব আৰু শান্তি আৰু স্বাভাৱিকতা পুনৰুদ্ধাৰ কৰাটো তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । তেওঁ লগতে আশ্বাস দিয়ে যে ৰাজ্যৰ ঐক্য আৰু অখণ্ডতা কোনো মূল্যৰ বিনিময়ত প্ৰভাৱিত নহয় । লগতে মুখ্যমন্ত্ৰী সিঙে সকলো জনসাধাৰণক কোনো ধৰণৰ সমাৱেশ, ধৰ্ণা বা শ্ল’গানৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই লগতে কয় যে এনে কাৰ্যকলাপে ৰাজ্যখনৰ শান্তি আৰু স্বাভাৱিকতা ঘূৰাই অনাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত বাধাৰ সৃষ্টি কৰিব পাৰে (Manipur Chief Minister N Biren Singh) ।