অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিতৌ চলিব 20 টাকৈ সন্ত্ৰাসবাদ বিৰোধী অভিযান - কাশ্মীৰ উপত্যকাত আইন শৃংখলা বিঘ্নিত

প্ৰতিদিনেই কাশ্মীৰ উপত্যকাত কমেও 20 টাকৈ অভিযান চলোৱা হ’ব ৷ চোৰাংচোৱাৰ পৰা পোৱা খবৰৰ ভিত্তিত সন্ত্ৰাস বিয়পাব খোজা ভাৰত বিদ্বেষী গোটৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে (Jammu and Kashmir intensified search operation CRPF )৷

জম্মু-কাশ্মীৰত নিতৌ চলিব 20 টাকৈ সন্ত্ৰাসবাদ বিৰোধী অভিযান
জম্মু-কাশ্মীৰত নিতৌ চলিব 20 টাকৈ সন্ত্ৰাসবাদ বিৰোধী অভিযান

By

Published : Jun 1, 2022, 9:58 PM IST

নিউজ ডেস্ক, 1 জুন: শেহতীয়াকৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিতভাৱে হত্যালীলা চলোৱাৰ মাজতেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে আৰম্ভ কৰিছে অভিযান ৷ চোৰাংচোৱাৰ পৰা পোৱা খবৰৰ ভিত্তিত সন্ত্ৰাস বিয়পাব খোজা ভাৰত বিদ্বেষী গোটৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে (Anti terror operation Jammu and Kashmir) ৷ চি আৰ পি এফৰ এগৰাকী শীৰ্ষ বিষয়াই ইটিভি ভাৰতক জনাইছে যে, প্ৰতিদিনেই কাশ্মীৰ উপত্যকাত কমেও 20 টাকৈ অভিযান চলোৱা হ’ব ৷

চোৰাংচোৱাৰ পৰা একাংশ বিচ্ছিন্নতাবাদী গোটে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িওৱাৰ লগতে কাশ্মীৰ উপত্যকাত আইন-শৃংখলা বিঘ্নিত কৰি জনতাৰ মনত সংশয় সৃষ্টি কৰিবলৈ চেষ্টা চলোৱাৰ তথ্য লাভ কৰা বুলি তেওঁ সদৰী কৰে (Jammu and Kashmir intensified search operation CRPF)৷

তথ্য অনুসৰি, এইবছৰৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে কাশ্মীৰ উপত্যকাত বিভিন্ন সন্ত্ৰাসবাদী গোটৰ 91 টা সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে ৷ তাৎপৰ্যপূৰ্ণভাৱে, নিৰাপত্তা সংস্থাসমূহে চলোৱা ১৭ টা সন্ত্ৰাসবাদ বিৰোধী অভিযানত মে’ মাহত নিৰাপত্তাৰক্ষীয়ে ২৭ টা সন্ত্ৰাসবাদীক হত্যা কৰে (Number of terrorists killed by security forces)।

"মে’ মাহত নিৰাপত্তাবাহিনী আৰু উগ্ৰপন্থীৰ মাজত ১৭ টা সংঘৰ্ষ সংঘটিত হৈছিল ৷ য'ত কমেও ২০ জন স্থানীয় আৰু সাতজন বিদেশী সন্ত্ৰাসবাদী নিহত হৈছিল ৷ মে মাহত জম্মু-কাশ্মীৰত তিনিজন নাগৰিক আৰু দুজন সুৰক্ষা কৰ্মীক উদ্দেশ্য প্ৰণোদিতভাৱে হত্যা কৰা হৈছে ৷" চি আৰ পি এফৰ বিষয়াগৰাকীয়ে কয় ৷

বিষয়াজনে আৰু কয় যে, যিহেতু সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিহত সন্ত্ৰাসবাদীসকলৰ বেছিভাগেই স্থানীয়, এই সত্যটো পুনৰ সন্মুখলৈ আহিছে যে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনবোৰে স্থানীয় লোকসকলক নিয়োগ কৰি আছে । বিভিন্ন সন্ত্ৰাসবাদী সংগঠনত স্থানীয় লোকৰ এনে নিযুক্তি সঁচাকৈয়ে এক গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে ৷

তথ্য অনুসৰি, জানুৱাৰীত ২০ টা, ফেব্ৰুৱাৰীত ৭ টা, মাৰ্চত ১৩ টা আৰু এপ্ৰিলত জম্মু-কাশ্মীৰত ২৪ টা সন্ত্ৰাসবাদী নিহত হৈছিল ৷ নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদীসমূহৰ বেছিভাগেই লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদীন গোটৰ বুলি চি আৰ পি এফৰ বিষয়াজনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :Lady teacher shot dead: বিদ্যালয়ৰ ভিতৰতে গুলীয়ালে শিক্ষয়িত্ৰীক

ABOUT THE AUTHOR

...view details