নেশ্যনেল ডেস্ক,১ এপ্ৰিল: ইতিমধ্যে বিশ্বজুৰি COVID-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ অভিযান অব্যাহত আছে । তাৰ লগে লগে দেশত তৃতীয় পৰ্যায়ৰ COVID-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হয় । বৃহস্পতিবাৰে সমগ্ৰ দেশতে ৪৫ ৰ উৰ্ধৰ বয়সৰ লোকসকলৰ বাবে COVID-১৯ ৰ টীকাকৰণ কাৰ্যসূচী আৰম্ভ হয় । এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, http://cowin.gov.in ত গৈ আগতীয়াকৈ বুক কৰিব পাৰিব । অন্যথা কোনো এগৰাকী লোকে আবেলি ৩ বজাৰ পাচত তেওঁলোকৰ নিকটতম টীকাকৰণ কেন্দ্ৰলৈ গৈ অন-ছাইট পঞ্জীয়ন কৰিব পাৰে ।
সম্প্ৰতি দেশত COVID-১৯ ৰ দ্বিতীয় প্ৰবাহৰ ফলত পৰিস্থিতি অধিক বেয়াৰ পিনে ঢাল খোৱাত কেন্দ্ৰই সকলো ৰাজ্যকে পৰৱৰ্তী দুই সপ্তাহৰ ভিতৰত ৪৫ বছৰতকৈ অধিক বয়সৰ লোকসকলক ১০০ শতাংশ টীকাকৰণ প্ৰদান কৰিবলৈ সতৰ্ক কৰি দিয়ে । উল্লেখ্য যে, চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ প্ৰতিষেধক ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেক লিমিটেডৰ দ্বাৰা প্ৰস্তুত কৰা ক’ভাক্সিনৰ ভাৰতে ১৬ জানুৱাৰীত দুটাকৈ প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছিল ।