নেশ্যনেল ডেস্ক,৭ এপ্ৰিল:সমগ্ৰ দেশতে কৰ'ণা মহামাৰীয়ে পুনৰবাৰ এক জটিল ৰূপ ধাৰণ কৰিছে । বিভিন্ন প্ৰান্তত ইতিমধ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে । গুজৰাটত শেহতীয়াকৈ বৃদ্ধি পোৱা কৰ'ণা আক্ৰন্তৰ সংখ্যাই চিন্তাত পেলাইছে ৰাজ্য চৰকাৰক । ইয়াৰ পিছতে ৰাজ্যখনত নৈশ সান্ধ্য আইনৰ ঘোষণা মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ । মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশনা অনুসৰি বুধবাৰৰ পৰা ৩১ এপ্ৰিল পৰ্যন্ত অব্যাহত থাকিব নৈশ সান্ধ্য আইন । নিশা ৮ বজাৰ পুৱা ৬ বজালৈ কঠোৰ হ'ব প্ৰশাসন ।
ৰাজ্যখনৰ কেইবাখনো চহৰত জাৰি কৰা হৈছে এই নৈশ সান্ধ্য আইন । চহৰসমূহ ক্ৰমে-আহমেদাবাদ, চুৰাট, ৰাজকোট, বদোদৰা, জুনাগড়, গান্ধীনগৰ, জামনগৰ, ভাৱনগৰ, আনন্দ, নাদিয়াদ, মেহছানা, মৰ্বি, পাটান, গোধৰা, দাহোদ, ভূজ, গান্ধীধাম, ভাৰুচ, সুৰেন্দ্ৰ নগৰ আৰু আমৰেলী ।
নিৰ্দেশনা অনুসৰি বিবাহ অনুষ্ঠানত ১০০ গৰাকী ব্যক্তিকহে অনুমতি দিয়া হ'ব । বিশাল অনুষ্ঠানসমূহ ৩০ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে । চৰকাৰী কাৰ্যালয়সমূহ শনিবাৰৰ পৰা ৩০ এপ্ৰিললৈকে বন্ধ থাকিব । ক'ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকতো মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ।