নেশ্যনেল ডেস্ক, ৯ আগষ্ট: মঙলবাৰ পৰ্যন্ত স্থগিত ৰখা হৈছে লোকসভা । পেগাছাছ, কৃষি আইন আৰু অন্যান্য বিষয়ক লৈ বিৰোধী সাংসদে সদনত হুলস্থুল কৰি থকাৰ মাজতে সোমবাৰে ৫ বাৰ সদন স্থগিত ৰখা হয় । পুৱা ১১:৩০ বজাত, দুপৰীয়া ১২ বজাত, ১২:৩০ বজাত আৰু বিয়লি ২ বজালৈ স্থগিত ৰখা হয় সদন । শেষত মঙলবাৰ পৰ্যন্ত লোকসভা স্থগিত ৰখা হয় ।
মঙলবাৰে পুৱা ১১ বজাত পুনৰ সদনৰ কাম-কাজ আৰম্ভ হ'ব । সোমবাৰে আলোচনা অবিহনে লোকসভাত তিনিখন বিধেয়ক গৃহীত কৰা হয় । সেয়া হৈছে- "সীমিত দায়বদ্ধতা অংশীদাৰিত্ব (সংশোধনী) বিধেয়ক ২০২১(Limited Liability Partnership)", "জমা বীমা আৰু ঋণ গেৰাণ্টি নিগম (সংশোধনী) বিধেয়ক ২০২১", আৰু "সংবিধানিক(অনুসূচীত জনজাতি) আদেশ (সংশোধনী) বিধেয়ক, ২০২১" ।
চৰকাৰে সংবিধান(সংশোধনী) বিধেয়ক ২০২১, ৰাষ্ট্ৰীয় হোমিঅ'পেথি আয়োগ(সংশোধনী) বিধেয়ক ২০২১ আৰু ভাৰতীয় ঔষধ ব্যৱস্থা (সংশোধনী)ৰ ৰাষ্ট্ৰীয় আয়োগ বিধেয়ক ২০২১ সোমবাৰে নিম্ন সদনত উত্থাপন কৰে ।