নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: ভাৰতৰ ১৬ খন ৰাজ্য আৰু ১ খন কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান কৰ'ণাৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । এতিয়ালৈকে দেশত ৪১৫ জন লোক আক্ৰান্ত হৈছে অ'মিক্ৰণৰ দ্বাৰা(Omicron cases in India) । সংক্ৰমণ ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও ভয়াৱহতা দূৰ হোৱা নাই । বিদেশৰ পৰা উভতি অহা একাংশ লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি ।
এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ কেইখনমান ৰাজ্যত Multi-disciplinary team মোতায়েন কৰাৰ সিদ্ধান্ত লৈছে । শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে যে, দেশৰ ১০ খন ৰাজ্যক ইতিমধ্যে বাছনি কৰি উলিওৱা হৈছে আৰু এই ৰাজ্যকেইখনতে Multi-disciplinary team নিয়োজিত কৰা হ'ব(Multi disciplinary Central teams to be deployed) । যিবোৰ ৰাজ্যত অ'মিক্ৰণ আক্ৰান্তৰ সংখ্যা বেছি অথবা টীকাকৰণ লেহেমীয়া গতিত চলিছে, সেই ৰাজ্যবোৰত কেন্দ্ৰৰ এই বিশেষ দল মোতায়েন কৰা হ'ব ।
কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হৈ থকা ৰাজ্যক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । কেৰালা, মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ, মিজোৰাম, কৰ্ণাটক, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পঞ্জাৱত Multi-disciplinary team নিয়োজিত কৰা হ'ব । এই দলবোৰ ৰাজ্যসমূহত ৩-৫ দিনৰ বাবে নিয়োজিত হৈ থাকিব আৰু ৰাজ্যিক স্বাস্থ্য বিভাগৰ সৈতে কাম কৰিব ।