অসম

assam

ETV Bharat / bharat

Manipur violence : মণিপুৰত তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে শিক্ষাগ্ৰহণ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ - Students of medical colleges in Manipur

মণিপুৰত চলিত হিংসাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল হাৰাশাস্তিৰ সন্মুখীন হৈছে । চিন-কুকি-জো সম্প্ৰদায়ৰ বাহিৰে বাকীসকল শিক্ষাৰ্থীয়ে চুৰাচান্দপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা পলায়ন কৰিছে আৰু জেএনআইএমএছ আৰু এছএটিৰ পৰা শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে ।

Manipur violence
মণিপুৰত তীব্ৰ প্ৰত্যাহ্বানৰ মাজেৰে শিক্ষাগ্ৰহণ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 12:02 PM IST

নেশ্যনেল ডেস্ক,৮ অক্টোবৰ :উত্তৰ পূবৰ ৰাজ্য মণিপুৰত যোৱা প্ৰায় ৫ মাহ ধৰি চলি থকা জাতিগত হিংসাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে । ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ কু-প্ৰভাৱ পৰা দেখা গৈছে । ইফালে চলিত হিংসাৰ ফলত ৰাজ্যখনৰ শিক্ষা আৰু স্বাস্থ্য সেৱা যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ।

উল্লেখ্য যে মণিপুৰত মে' মাহৰ পৰা চলি থকা এই হিংসাত্মক কাৰ্যকলাপৰ ফলত ১৮০ জনৰো অধিক লোকৰ মৃত্যু হৈছে । বিভিন্ন সম্প্ৰদায়ৰ ৭০,০০০ ৰো অধিক লোক গৃহহীন হৈ পৰিছে । শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ সম্ভাৱনা ম্লান পৰিছে । বিশেষকৈ পেছাদাৰী পাঠ্যক্ৰম অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ বাবে এক বৃহৎ ক্ষতি হিচাপে পৰিগণিত হৈছে ।

কুকি-জো শিক্ষাৰ্থীসকলে মণিপুৰ এৰি দক্ষিণৰ ৰাজ্যসমূহলৈ অধ্যয়নৰ বাবে যোৱাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ৩ মে'ৰ পৰা সংঘটিত সংঘৰ্ষক প্ৰত্যাহ্বান জনাই একাংশ শিক্ষাৰ্থীয়ে অৱশ্যে গৃহ ৰাজ্যতে শিক্ষাগ্ৰহণৰ প্ৰচেষ্টা চলাইছে ।

তেওঁলোকৰ ভিতৰত আছে চিন-কুকি-জো-অধ্যুষিত চুৰাচান্দপুৰৰ জিলা সদৰত নতুনকৈ স্থাপন হোৱা চৰকাৰী চুৰাচান্দপুৰ চিকিৎসা মহাবিদ্যালয়ৰ (চিএমচি) একাংশ এমবিবিএছ শিক্ষাৰ্থী । যিসকল হৈছে এক বিবাদৰ কেন্দ্ৰ ।

এই বিবাদৰ ফলত কুকি-জো সম্প্ৰদায়ৰ বাহিৰে সকলো চিএমচি শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ৫ দিন পাছতে ইম্ফললৈ পলাই যাবলৈ বাধ্য হৈছিল । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ (স্নাতক চিকিৎসা শিক্ষা পৰিষদ) অনুমোদনৰ সৈতে ৰাজ্য চৰকাৰ আৰু চিএমচি মেনেজমেণ্টে তিনিটা স্থানৰ পৰা নিয়মীয়া শ্ৰেণীৰ ব্যৱস্থা কৰিছিল - ইম্ফল পূব জিলাৰ চৰকাৰী জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (জেএনআইএমএছ) কমপ্লেক্স, ইম্ফল পশ্চিমৰ টাকেল্পাট ৰাজ্যিক প্ৰশিক্ষণ একাডেমী (এছএটি) আৰু চুৰাচান্দপুৰৰ চিএমচিত ।

১০০ খন এমবিবিএছ আসনৰ সৈতে চিএমচিয়ে যোৱা বছৰৰ ১৫ নৱেম্বৰত প্ৰথম শৈক্ষিক অধিৱেশন আৰম্ভ কৰিছিল । ইয়াৰ অধীনত চলিত বৰ্ষৰ বাবে নিৰ্বাচিত হোৱা আন ১০০ গৰাকী শিক্ষাৰ্থীয়েও ১ ছেপ্টেম্বৰৰ পৰা টাকেল্পাটৰ এছ.এ.টি. কমপ্লেক্সত তেওঁলোকৰ পাঠদান আৰম্ভ কৰিছে ।

চিএমচিৰ সঞ্চালক ড০ এছ. ইবোয়াইমা সিঙে কোৱা মতে সংঘৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় দুমাহৰ পাছত মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ এমবিবিএছ শিক্ষাৰ্থীসকলে ১৯ জুলাইৰ পৰা জেএনআইএমএছ চৌহদৰ ভিতৰত বিডিএছ মহাবিদ্যালয়ৰ চৌহদত তেওঁলোকৰ পাঠদান পুনৰ আৰম্ভ কৰিছে । আনহাতে চিন-কুকি-জো সম্প্ৰদায়ৰ একেটা গোটৰ ৬ গৰাকী শিক্ষাৰ্থীয়ে চুৰাচান্দপুৰৰ অন্যান্য শিক্ষকৰ সৈতে তেওঁলোকৰ মূল চৌহদত অধ্যয়ন চলাই আছে ।

তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰদান কৰা অস্থায়ী অধ্যয়ন কেন্দ্ৰ টাকেল্পাটৰ এছ.এ.টি. কমপ্লেক্সত ১ ছেপ্টেম্বৰৰ পৰা নতুনকৈ নিৰ্বাচিত দ্বিতীয় দলৰ ৯২ গৰাকী এমবিবিএছ শিক্ষাৰ্থীৰ পাঠদান আৰম্ভ হৈছে । আনহাতে একেটা দলৰ ৮ গৰাকী কুকি-জো শিক্ষাৰ্থী চিএমচিত আছে । সংকটৰ পাছতো মহাবিদ্যালয়খনে চৰকাৰৰ সহায়ত তিনিওটা স্থানতে সুচাৰুৰূপে কাম কৰি আছে বুলি তেওঁ দাবী কৰে । চিএমচিৰ সহকাৰী অধ্যাপক ড০ গুড্ডি লাইশ্ৰামে কোৱা মতে মণিপুৰৰ বাহিৰৰ আৰু ৰাজ্যখনৰ দূৰৱৰ্তী জিলাৰ দুয়োটা দলৰ ছাত্ৰী জেএনআইএমএছ হোষ্টেলত আছে । আনহাতে ছাত্ৰসকল জেএনআইএমএছৰ ওচৰৰ ভাড়াঘৰ আৰু ব্যক্তিগত হোষ্টেলত আছে ।

অধ্যাপকগৰাকীৰ মতে এমবিবিএছ শিক্ষাৰ্থীসকলৰ প্ৰথম দলটোৱে মণিপুৰ বিশ্ববিদ্যালয়ৰ অধীনত অহা মাহত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব । চৰকাৰ আৰু মহাবিদ্যালয় পৰিচালনা কৰ্তৃপক্ষই পাঠদানবোৰ সুচাৰুৰূপে চলাৰ ক্ষেত্ৰত যথেষ্ট পৰিশ্ৰম কৰিছে বুলিও তেওঁ দাবী কৰে । অৱশ্যে তাৰ পাছতো মণিপুৰৰ বাহিৰৰ আৰু ৰাজ্যখনৰ দূৰৱৰ্তী জিলাসমূহৰ শিক্ষাৰ্থীসকল পৰিবহন আৰু বাসস্থানৰ ক্ষেত্ৰত বৃহৎ সমস্যাৰ সন্মুখীন হৈছে ।

একাংশ ছাত্ৰই জনোৱা মতে তেওঁলোকে নিজৰ মহাবিদ্যালয়খন এৰি আন প্ৰতিষ্ঠানত পাঠদান কৰি থকাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । বৃহৎ পৰিমাণৰ ধন খৰছ কৰি ভাড়াঘৰত আছে আৰু যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । কাৰফিউ বা বন্ধৰ সময়ত তেওঁলোকে মহাবিদ্যালয়লৈ যাব নোৱাৰে । শাৰীৰিক আৰু মানসিকভাৱে শিক্ষাৰ্থীসকল ভাগি পৰিছে । ইফালে শৈক্ষিক কেৰিয়াৰক লৈও তেওঁলোক যথেষ্ট চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক :Fire in firecracker tragedy: বেংগালুৰুত আতচবাজীৰ গুদামত অগ্নিকাণ্ড: নিহত ১১

ABOUT THE AUTHOR

...view details