অসম

assam

ETV Bharat / bharat

লাইগাৰৰ প্ৰমোচনৰ বাবে হায়দৰাবাদৰ গুন্টুৰত বিজয় দেৱেৰাকোণ্ডা

লাইগাৰ ছবিৰ মুক্তিৰ পূৰ্বে ইয়াৰ প্ৰমোচনৰ বাবে হায়দৰাবাদ চহৰৰ গুন্টুৰত উপস্থিত বিজয় দেৱেৰাকোণ্ডা (Liger promotions in Guntur) ৷ অনুষ্ঠানটিত লাইগাৰক লৈ নিজৰ প্ৰত্যাশা প্ৰকাশ কৰিলে বিজয়ে ৷

By

Published : Aug 21, 2022, 3:16 PM IST

Amid Liger boycott trend, Vijay Deverakonda guarantees the film will rock on Aug 25
লাইগাৰৰ প্ৰমোচনৰ বাবে হাইদৰাবাদৰ গুন্টুৰত উপস্থিত বিজয় দেৱেৰাকোণ্ডা

চিটাৰা ডেস্ক, 21 আগষ্ট: আগন্তুক ছবি লাইগাৰৰ প্ৰচাৰত ব্যস্ত অনন্যা পাণ্ডে আৰু বিজয় দেৱেৰাকোণ্ডা । ছবিখনক লৈ আগ্ৰহী ছবিখনৰ দুয়োগৰাকী অভিনেতা অভিনেত্ৰী ৷ ইফালে, লাইগাৰৰ মুক্তিৰ বাবে ইতিমধ্যে কাউন্টডাউন আৰম্ভ হোৱাৰ লগে লগে অভিনেতা বিজয় দেৱেৰাকোণ্ডাই ছবিখনক লৈ নিজৰ আগ্ৰহ প্ৰকাশ কৰি কয় যে, তেওঁৰ প্ৰথম প্যান-ইণ্ডিয়া ছবি লিগাৰে ২৫ আগষ্টত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব ৷

শেহতীয়া ছবিখনৰ মুক্তিৰ পূৰ্বে ইয়াৰ প্ৰমোচনৰ বাবে বিজয় দেৱেৰাকোণ্ডা হায়দৰাবাদ চহৰৰ গুন্টুৰত উপস্থিত হয়(Liger promotions in Guntur) ৷ প্ৰমোচনৰ অনুষ্ঠানত ভাষণ দি বিজয় দেৱেৰাকোণ্ডাই কয়, "বিগত 20 দিন ধৰি মই প্ৰতিদিনে এখন চহৰ ভ্ৰমণ কৰি আছো । মোৰ শক্তি নাই আৰু মোৰ স্বাস্থ্যই সহযোগিতা কৰা নাই । কিন্তু আপোনালোকৰ মৰমৰ বাবেই আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছো ।" তীব্ৰ আগ্ৰহেৰে বিজয় দেৱেৰাকোণ্ডাই কয় যে-

"Liger promotions are my life-time memories. Liger will be my first step to make many such memories for you. I guarantee you... the movie will rock. You should do one thing for me...You should shake Guntur on 25th. August 25th, Waat Laga Denge,"

লগতে তেওঁ কয়, "ছবিখনৰ সংলাপ আৰু ছবিখনৰ শ্বুটিং কৰি থকা সময়ছোৱাত মোৰ মনলৈ অহা শব্দটোৱেই হৈছে মেণ্টেল । লাইগাৰ প্ৰমোচনৰ বাবে মই যি যি স্থানলৈ গৈছো ৰাইজৰ মৰম পাইছো ৷ সেই সমূহ মোৰ বাবে জীৱনকালৰ স্মৃতি হিচাপে চিৰদিনৰ বাবে ৰৈ যাব ৷" লগতে তেওঁ 25 আগষ্টত দৰ্শকক ছবিখন থিয়েটাৰত উপভোগ কৰিবলৈ আহ্বান জনায়(Vijay Deverakonda guarantees liger success) ৷

আনহাতে কোৱা হয় যে, আমিৰ খানৰ বিতৰ্কিত ছবি লাল সিং চাড্ডা সমৰ্থন কৰিছিল বিজয় দেৱেৰাকোণ্ডাই(Amid Liger Boycott Trend) । ইয়াৰ বাবেই বিজয়ৰ ছবিখনে সমস্যাৰ সন্মুখীন হ’ব বুলি সন্দেহৰ সৃষ্টি হৈছিল (Amid Liger boycott trend)।

পৰিচালক পুৰী জগন্নাধেও কোনো ধৰণৰ উত্তেজনা প্ৰদৰ্শন নকৰাৰ লগতে ছবিখনৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে, "জনতাই মোক অনুভৱ কৰায় যে এয়া লিগাৰৰ সফলতাৰ উদযাপন । আপোনালোকৰ প্ৰত্যেকেই টিকট ক্ৰয় কৰিলেহে চিনেমাখন ব্লকবাষ্টাৰ হ'ব । ছবিখনত বিজয়ে খুবেই ভাল প্ৰদৰ্শন দেখুৱাইছে । মাইক টাইছন হ'ব এই ছবিখনৰ মুখ্য হাইলাইট যাক কোনোৱেই পৰাস্ত কৰিব পৰা নাছিল ।"

লগতে তেওঁ কয়, "চিনেমাখন চোৱাৰ পূৰ্বে গুগল কৰক, চিনেমাখন বেছিকৈ উপভোগ কৰিব । লিগাৰৰ ফলাফল জনাৰ পূৰ্বে আমি এটা সূচী আৰম্ভ কৰিলোঁ । আৰু জেজিএময়ে লিগাৰৰ দুগুণ বাজেট কৰিলে । আমি এই ছবিখনক লৈ খুবেই বিশ্বাস বিশ্বাসী ।"

লগতে পঢ়ক :Liger trailer Hindi: মুক্তি পালে বহু প্ৰতিক্ষীত ছবি Liger ৰ ট্ৰেইলাৰ

ABOUT THE AUTHOR

...view details