নেশ্যনেল ডেসেক, 7 জানুৱাৰী: অত্যাধিক হাৰত হোৱা তুষাৰপাতৰ বাবে জম্মু-কাশ্মীৰত বিগত 4 দিনে ব্যাহত হৈ পৰিছে জনজীৱন ৷ যাৰ বাবে দেওবাৰৰ পৰা কাশ্মীৰৰ সকলো বিমানো বাতিল কৰা হৈছে ৷
বিমানসেৱা বাতিল হোৱাৰ বাবে কাশ্মীৰৰ ভিন্ন স্থানত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ লগতে শ্ৰীনগৰ-কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হোৱাৰ বাবেও আবদ্ধ হৈ পৰিছে বহু পৰ্যটক ৷ অৱশ্যে স্থানীয় হোটেল, হাউচবোট আদিৰ স্বত্বাধিকাৰীসকলে আৱদ্ধ হৈ পৰা পৰ্যটকসকলক উদ্ধাৰৰ বাবে আগুৱাই আহে ৷ সেই পৰ্যটকসকল সম্প্ৰতি শ্ৰীনগৰৰ হোটেল আৰু হাউচবোটসমূহত আছে ৷
2019 চনত 370 অধিনিয়মৰ সংশোধনৰ পাচত আৰু 2020 বৰ্ষৰ মাৰ্চৰ পৰা Covid-19 ৰ বাবে জাৰি কৰা লক ডাউনৰ বাবে কাশ্মীৰত পৰ্যটকৰ আগমন ঘটা নাছিল ৷ প্ৰায় ডেৰটা বছৰে পৰ্যটকবিহীনভাৱে আছিল কাশ্মীৰ ৷ অৱশ্যে নৱবৰ্ষৰ লগে লগে উপত্যকাখনত আগমন ঘটিছে পৰ্যটকৰ ৷ নৱবৰ্ষ উদযাপনৰ লগতে পৰ্যটকসকলে কাশ্মীৰৰ তুষাৰপাতৰ সাক্ষী হৈ ৰয় ৷