অসম

assam

ETV Bharat / bharat

প্ৰথমবাৰৰ বাবে স্কাইৰোছ যুদ্ধখেলত ভাৰত আৰু ফ্ৰান্সৰ ৰাফেল - ফ্ৰান্স বায়ুসেনা

2021ত ৰাজস্থানৰ যোধপুৰত ভাৰত আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হ’ব এখন বিশেষ যুদ্ধখেল ৷ দুয়োখন দেশৰ বায়ুসেনাই অংশগ্ৰহণ কৰিবলগীয়া এই স্কাইৰোছ যুদ্ধখেলৰ মুখ্য আকৰ্ষণ হ’ব ৰাফেল যুদ্ধবিমান ৷

প্ৰথমবাৰৰ বাবে স্কাইৰোছ যুদ্ধখেলত ভাৰত আৰু ফ্ৰান্সৰ ৰাফেল
প্ৰথমবাৰৰ বাবে স্কাইৰোছ যুদ্ধখেলত ভাৰত আৰু ফ্ৰান্সৰ ৰাফেল

By

Published : Dec 29, 2020, 7:18 PM IST

নিউজ ডেস্ক, 29 ডিচেম্বৰ :চীনৰ সৈতে চলি থকা সংঘাতৰ সময়ত এইবাৰ ফ্ৰান্সৰ সৈতে সামৰিক আখৰাত অংশগ্ৰহণ কৰিব ভাৰতীয় বায়ুসেনা ৷ ফ্ৰান্স বায়ুসেনা আৰু ভাৰতীয় বায়ুসেনাই 2021ৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে যুটীয়াভাৱে অংশগ্ৰহণ কৰিব এক যুদ্ধখেলত ৷ এই অনুশীলনক নাম দিয়া হৈছে স্কাইৰোছ আৰু ইয়াত অংশগ্ৰহণ কৰিব ভাৰতীয় বায়ুসেনাত শেহতীয়াকৈ সংযোজন কৰা ৰাফেল যুদ্ধবিমানৰ লগতে ছুখই 30 এমকেআই যুদ্ধবিমান আৰু ফ্ৰান্সৰ ৰাফেল যুদ্ধবিমানে ৷

ৰাজস্থানৰ যোধপুৰস্থিত 29 স্কোৱাড্ৰনৰ বায়ুসেনা চাউনীত অনুষ্ঠিত হ’ব এই অনুশীলন ৷ চৰকাৰী সূত্ৰই মঙলবাৰে এই কথা প্ৰকাশ কৰিছে ৷ 29 স্কোৱাড্ৰন ভাৰতীয় বায়ুসেনাৰ মিগ-27 যুদ্ধবিমানৰ ঘাটি আছিল আৰু বিগত বৰ্ষৰ 27 ডিচেম্বৰত মিগ-29 যুদ্ধবিমানক সেৱাৰ পৰা অব্যাহতি দিছিল ভাৰতীয় বায়ুসেনাই ৷ ইয়াৰ পিচতেই ঘাটিটোত ৰখা হৈছিল ছুখই 30 এমকেআই আৰু ৰাফেল যুদ্ধবিমান ৷

আনহাতে এয়া হৈছে ভাৰতীয় বায়ুসেনাৰ ৰাফেল যুদ্ধবিমানৰ প্ৰথমটো সামৰিক অনুশীলন ৷ প্ৰায় এটা দশকধৰি চলা ভাৰতীয় বায়ুসেনাৰ মুল সামৰিক অনুশীলন গাড়ুডাৰ পৰা পৃথকে অংশগ্ৰহণ কৰিবলগীয়া স্কাইৰোছ যুদ্ধখেল অনুশীলনক লৈ যথেষ্ট আশাবাদী ভাৰতীয় বায়ুসেনা ৷ ইয়াৰ পূৰ্বে 2019ৰ জুলাইত ভাৰতীয় বায়ুসেনাই ফ্ৰান্স বায়ুসেনাৰ সৈতে সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিছিল য’ত ভাৰতীয় বায়ুসেনাৰ ছুখই যুদ্ধবিমানে ফ্ৰান্সৰ ৰাফেল যুদ্ধবিমানৰ সৈতে অনুশীলনত ভাগ লৈছিল ৷

ভাৰতীয় বায়ুসেনাই শেহতীয়াকৈ পূৰ্বীয় লাডাখত মোতায়েন কৰি ৰাখিছে ৰাফেল আৰু ছুখই যুদ্ধবিমান আৰু দুয়োখন বিমানতে বহুখিনি সংশোধনীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতীয় বায়ুসেনাই ৷ ফ্ৰান্স বায়ুসেনাৰ সৈতে অংশগ্ৰহণ কৰিবলগীয়া সামৰিক অনুশীলন স্কাইৰোছ যুদ্ধখেলৰ পিচতেই এই সন্দৰ্ভত বায়ুসেনাই আগবাঢ়িব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :ভাৰত-বাংলাদেশ সম্পৰ্কক লৈ আশাবাদী নৱ-নিযুক্ত বাংলা উচ্চায়ুক্ত

ABOUT THE AUTHOR

...view details