নিউজ ডেস্ক, ২ জুন : সম্প্ৰতি আমেৰিকা ভ্ৰমণত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi US Visit) । তাত ইতিমধ্যে তেওঁ প্ৰবাসী ভাৰতীয়সকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছে । আনহাতে, তথ্য-প্ৰযুক্তি বিশাৰদসকলৰ সৈতেও শেহতীয়া প্ৰযুক্তি সম্পৰ্কে আলোচনাত মিলিত হৈছে । ইফালে বিদেশত ভাৰতক বদনাম কৰা বুলি বিজেপিয়ে ৰাহুল গান্ধী তথা কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে (BJP criticized Rahul to defame India abroad) । কিন্তু বিজেপিৰ সমালোচনাৰ মাজতে ৰাহুল গান্ধীয়ে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ সূত্ৰ উলিয়াইছে (Rahul unveils Congress 2024 winning formula) ।
ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে ৱাশ্বিংটনৰ নেচনেল প্ৰেছ ক্লাবত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰোঁতে গেৰুৱা দলটোক পৰাস্ত কৰিবলৈ তেওঁৰ দলৰ ৰণনীতি প্ৰকাশ কৰে (Oppositions formula to defeat BJP in 2024) । পৰৱৰ্তী বছৰৰ নিৰ্বাচনত কংগ্ৰেছৰ সম্ভাৱনা সন্দৰ্ভত ৰাহুলে কয় যে তেওঁ দলটোৰ তৃণমূল পৰ্যায়ত সমৰ্থনত অতি আত্মবিশ্বাসী । "আমি পৰৱৰ্তী নিৰ্বাচনত খুব ভাল প্ৰদৰ্শন কৰিম । মই ভাবোঁ এই ফলাফলে মানুহক আচৰিত কৰি তুলিব । ইয়াৰ অংকটো হৈছে, ঐক্যবদ্ধ বিৰোধীয়ে বিজেপিক নিজে নিজে পৰাজিত কৰিব ।" তেওঁ কয় ।
আনহাতে, ৰাহুল গান্ধীয়ে গেৰুৱা দলটোৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ সকলো বিজেপিবিৰোধী দলৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ তেওঁৰ দলৰ ব্যাপক প্ৰচাৰৰ বিষয়েও কয় । "বিৰোধী দল ভালদৰে ঐক্যবদ্ধ । এইটো এই কথাৰ পৰা স্পষ্ট যে আমি সকলো বিৰোধী দলৰ সৈতে আলোচনা কৰি আছোঁ । যি ঘটিছে তাত মই সন্তুষ্ট । এইটো এটা জটিল আলোচনা । কিয়নো এনে কিছুমান ঠাই আছে য'ত আমি বিৰোধীৰ সৈতে প্ৰতিযোগিতা কৰি আছোঁ । গতিকে আমি অলপ এৰা-ধৰা কৰাৰ প্ৰয়োজন আছে ।" তেওঁ লগতে কয় ।
ৰাহুলে এইটোও কয় যে তেওঁ এক মহা বিৰোধী মিত্ৰতাৰ বিষয়ে আত্মবিশ্বাসী । কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহ চৰকাৰে দখল কৰাৰো অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে । এই অভিযোগ পূৰ্বতে বিভিন্ন বিৰোধী নেতাই উত্থাপন কৰিছিল, কিন্তু শাসকীয় দলে সেয়া অস্বীকাৰ কৰি আহিছে । আনহাতে, কংগ্ৰেছ নেতাজনে মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বাবে সংসদৰ সদস্যপদ হেৰুওৱাৰ বিষয়েও মুখ খোলে । তেওঁ কয় যে এইটো তেওঁৰ বাবে এক ডাঙৰ সুবিধা । "ই মোক নিজকে সম্পূৰ্ণৰূপে পুনৰ আত্মচৰ্চা কৰাৰ সুবিধা দিছে । মই ভাবোঁ তেওঁলোকে মোক সঁচাকৈয়ে এটা উপহাৰ দিছে । তেওঁলোকে হয়তো এইটো উপলব্ধি নকৰে, কিন্তু তেওঁলোকে এই সুবিধা মোক দিছে ।" তেওঁ কয় ।
লগতে পঢ়ক :Rahul Gandhi America visit : সাংসদ পদ খাৰিজক লৈ আমেৰিকাত ৰাহুলৰ প্ৰতিক্ৰিয়া