নিউজ ডেস্ক, ১৫ নৱেম্বৰ: শুকুৰবাৰে পঞ্জাৱ আৰক্ষীয়ে ৭.৬ ফুট ওখ পঞ্জাৱ আৰক্ষীৰ প্ৰাক্তন কনিষ্টবল জগদীপ সিঙক হেৰ’ইনসহ পঞ্জাৱৰ তৰ্ণ তৰণত গ্ৰেপ্তাৰ কৰে । দীপ সিং নামেৰেও পৰিচিত জগদ্বীপ ৷ ৰাজ্যিক বিশেষ অভিযান কোষৰ দলটোৱে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে প্ৰাক্তন কনিষ্টবলজনৰ আন দুজন সহযোগীকো গ্ৰেপ্তাৰ কৰিছে ।
৭.৬ ফুটৰ আকৰ্ষণীয় উচ্চতাৰ বাবে পৰিচিত সিঙে পশ্চিমীয়া দেশৰ আটাইতকৈ চৰ্চিত ৰিয়েলিটি শ্ব’- আমেৰিকাৰ গট টেলেণ্ট ছিজন ১৪ত অংশগ্ৰহণ কৰাৰ পিছত অন্যতম জনপ্ৰিয় মুখ হৈ পৰিছিল ৷ য’ত তেওঁ পূৰ্বৰ আত্মৰক্ষাৰ এক কৌশল গটকা খেল পৰিবেশন কৰিছিল ।
খবৰ অনুসৰি অভিযুক্তসকলক আদালতত হাজিৰ কৰোৱা হ’ব আৰু তাৰ পিছত তেওঁলোকক ৰিমাণ্ডত ৰাখি সোধা-পোছা কৰা হ’ব । এই গোচৰ সন্দৰ্ভত কৰ্তৃপক্ষই অধিক কাৰ্যবিধি আৰম্ভ কৰিছে ৷ জগদীপে নিজৰ গাড়ীৰ সন্মুখত পঞ্জাৱ আৰক্ষীৰ ষ্টীকাৰ লগাই ৰাখিছিল যাৰ বাবে সীমান্তৰ গেটত তেওঁক কেতিয়াও তালাচী কৰা হোৱা নাছিল । ইয়াৰ সুযোগ লৈ তেওঁ নিজৰ পদবীটোৰ অপব্যৱহাৰ কৰিছিল আৰু ড্ৰাগছ সৰবৰাহৰ লগত জড়িত বুলি অভিযোগ উঠিছিল ।