অসম

assam

ETV Bharat / bharat

উদ্ধাৰ অভিযানত ব্যৱহৃত ড্ৰিলিং মেচিন ক্ষতিগ্ৰস্ত, মেনুৱেল ড্ৰিলিঙৰ কাম আৰম্ভ - Silkyara Tunnel Accident Rescue

চিল্কয়াৰা সুৰংগৰ উদ্ধাৰ অভিযানত ব্যৱহৃত অগাৰ মেচিন ক্ষতিগ্ৰস্ত হৈছে । প্ৰায় ৪৭ মিটাৰ পৰ্যন্ত ড্ৰিলিং কৰাৰ পাছত মেচিনটোৰ ক্ষতি হৈছে । অৱশ্যে উদ্ধাৰকাৰী দলে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে ।

Uttarkashi Tunnel destroyed
উদ্ধাৰ অভিযানত ব্যৱহৃত ড্ৰিলিং মেচিন ক্ষতিগ্ৰস্ত

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 4:33 PM IST

নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : উত্তৰকাশীৰ সুৰংগত উদ্ধাৰ অভিযান অব্যাহত আছে । বিগত ১৪ দিন ধৰি প্ৰশাসনৰ লগতে বিভিন্ন বিশেষজ্ঞ দলে অভিযান অব্যাহত ৰাখিছে । অভিযানৰ সময়ত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল । ড্ৰিলিং চলাই থকা অগাৰ যন্ত্ৰটো এইবাৰ ক্ষতিগ্ৰস্ত হৈছে । প্ৰায় ৪ বাৰকৈ সুৰংগৰ আৱৰ্জনা আঁতৰোৱাৰ সময়ত লোৰ ৰড আৰু পাইপত অগাৰ ড্ৰিলিং মেচিনে খুন্দা মাৰিছে । ফলত যন্ত্ৰটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ।

চিল্কয়াৰা সুৰংগৰ উদ্ধাৰ অভিযানত ব্যস্ত অষ্ট্ৰেলিয়াৰ আন্তঃৰাষ্ট্ৰীয় সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সে কয় যে অগাৰ ড্ৰিলিং যন্ত্ৰটোৱে আৰু কাম কৰিব নোৱাৰে । অৱশ্যে তেওঁ নিশ্চিত কৰিছে উদ্ধাৰ অভিযানৰ বাবে দলটোৰ হাতত এতিয়াও বহু উপায় আছে । কিন্তু এতিয়াৰে উদ্ধাৰ অভিযানত অগাৰ যন্ত্ৰটোৱে কাম কৰিব নোৱাৰে । তেওঁৰ মতে অগাৰ মেচিনৰ সন্মুখৰ অংশ ভাঙি গৈছে ।

আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সৰ মতে উদ্ধাৰ অভিযানৰ পৰিস্থিতি একেই আছে । সকলোৱে ইতিবাচকভাৱে কাম কৰি আছে । উদ্ধাৰকাৰী দলৰ সকলো সদস্যই সুৰংগটোৰ ভিতৰত আৱদ্ধ ৪১ জন শ্ৰমিকক উদ্ধাৰৰ চেষ্টা কৰি আছে । ডিক্সৰ মতে উদ্ধাৰ অভিযান কিছু পলম হ'ব পাৰে । তেওঁ লগতে আশ্বাস দিছে যে সুৰংগৰ ভিতৰত আৱদ্ধ সকলোৰে স্বাস্থ্য ঠিকে আছে । তেওঁলোকক ভিতৰত আহাৰ আৰু ঔষধৰ যোগান ধৰা হৈছে । সম্প্ৰতি মেনুৱেল আৰু উলম্ব ড্ৰিলিঙৰ প্ৰক্ৰিয়া অব্যাহত আছে । ডিক্সৰ মতে তেওঁলোকৰ হাতত বিকল্প ব্যৱস্থাও আছে ।

লগতে পঢ়ক :14 দিনত ভৰি দিলে উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনাই, অন্তিম পৰ্যায়ত উদ্ধাৰ অভিযান

ABOUT THE AUTHOR

...view details