নেশ্যনেল ডেস্ক, 17 নৱেম্বৰ:উত্তৰকাশীৰ নিৰ্মীয়মান সুৰংগত আৱদ্ধসকলক উদ্ধাৰ অভিযান অব্যাহত ৷ উত্তৰাখণ্ডৰ উত্তৰকাশী ছিল্কয়াৰা সুৰংগত আৱদ্ধ হৈ থকা 40 জন শ্ৰমিকক উদ্ধাৰৰ কাম নিজেই নিৰীক্ষণ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ধামীৰ পৰা এই ঘটনাৰ প্ৰতি মুহূৰ্তৰ আপডেট গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷
সমান্তৰালভাৱে, উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত আৱদ্ধ হৈ থকা 40 জন শ্ৰমিকক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে । সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আমেৰিকান অগাৰ মেচিনৰ সহায়ত যুদ্ধংগতিত কাম কৰা হৈছে । এই পৰ্যন্ত এই মেচিনৰ দ্বাৰা পাঁচটা পাইপ বিস্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । লগতে সুৰংগটোত আৱদ্ধ হৈ থকা লোকসকলৰ ওচৰলৈ ক্ষিপ্ৰতাৰে যোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ।
ছিল্কয়াৰা সুৰংগত আৱদ্ধ হৈ থকা 40 জন শ্ৰমিকক উদ্ধাৰৰ বাবে ইতিমধ্যে সুৰংগটোত স্থাপন কৰা হৈছে আমেৰিকান অৰ্গেন মেচিন । এনে পৰিস্থিতিত অতি সোনকালে সুৰংগটোত আৱদ্ধ হৈ থকা সকলো শ্ৰমিকক উদ্ধাৰ কৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্ভাৰকাৰী দলে ৷ ইয়াৰ পূৰ্বে উদ্ধাৰ কাৰ্যৰ বাবে জেচিবি মেচিন, শ্ৰমিক আৰু ড্ৰিলিং মেচিন আদিৰ সহায় লৈছিল । বৰ্তমানেও পাঁচটা সংস্থা উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে । উদ্ধাৰৰ কাম ক্ষীপ্ৰ কৰাৰ বাবে বিদেশী অগাৰ মেচিনক শেষ উপায় হিচাপে বিবেচনা কৰা হৈছে । ইয়াৰ জৰিয়তে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক অতি সোনকালে উদ্ধাৰ কৰাৰ আশা কৰা হৈছে ।