নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ :বৰ্তমান জনপ্ৰতিনিধি মানেই হৈছে বিলাসিতা । বিলাসী গাড়ী, বিলাসী ঘৰ, সম্পত্তিৰ পাহাৰ, চলন-ফুৰণত আভিজাত্য ইত্যাদি । সেয়া কোনোবা ডাঙৰ নেতা-মন্ত্ৰীয়ে হওক বা সাধাৰণ পঞ্চায়ত পৰ্যায়ৰ নেতা । কিন্তু তাৰ বিপৰীতে যদি এজন নেতা বা পাৰিষদক ডোচা বিক্ৰী কৰা দেখা যায়, আপুনি হয়তো নিশ্চয় আচৰিত হ'ব । কিয়নো বৰ্তমান কোনো লোক নেতা হোৱাৰ লগে লগে তেওঁৰ জীৱনত যিবোৰ পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে, আজিৰ আমাৰ প্ৰতিবেদনত উল্লেখ কৰিব বিচৰা নেতাজন কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ।
চত্তিশগড়ৰ অম্বিকাপুৰৰ এগৰাকী মহিলা জন প্ৰতিনিধিয়ে ডোচা বিক্ৰী কৰে (Ambikapur councilor selling dosa) । পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ পৌৰ নিগম হৈছে অম্বিকাপুৰৰ পৌৰ নিগম (Ambikapur municipal corporation in Chattisgarh) । তেখেতৰ স্বামীও এজন প্ৰাক্তন কাউঞ্চিলাৰ । তেওঁ পৰিয়ালটোৰ তৃতীয়গৰাকী কাউঞ্চিলাৰ । তথাপিও কিন্তু তেওঁ এটা সৰল জীৱন যাপন কৰি আছে আৰু তেওঁৰ ডোচাৰ দোকানত নিজে ডোচা প্ৰস্তুত কৰি মানুহক খুৱায় ।
অম্বিকাপুৰ পৌৰ নিগমৰ এগৰাকী মহিলা কাউঞ্চিলাৰ হৈছে অনিতা ৰবীন্দ্ৰ গুপ্তা ভাৰতী (public representative from Ambikapur sells dosa) । কিন্তু তেওঁ অম্বিকাপুৰত ডোচা বিক্ৰী কৰে । তেওঁৰ স্বামীয়েও তেওঁক এই কামত সহায় কৰে । তেওঁলোকে একেলগে গ্ৰাহকসকলক সেৱা আগবঢ়ায় আৰু সুস্বাদু ডোচা পৰিবেশন কৰে (councilor Anita Ravindra Gupta Bharti) ।
তেওঁৰ এই সৰল জীৱন যাপনৰ প্ৰতি আকৃষ্ট হৈ ইটিভি ভাৰতৰ স্থানীয় প্ৰতিনিধি গৈ উপস্থিত হৈছিল তেওঁৰ ডোচাৰ দোকানত । অনিতা ৰবীন্দ্ৰ গুপ্তা ভাৰতীৰ সৈতে বাৰ্তালাপত তেওঁ কয়, "যদি অলপ সমাজ সেৱাৰ প্ৰতি আগ্ৰহ থাকে, তেন্তে আমি ভাবিছিলোঁ যে আমি চহৰখনৰ নাগৰিকসকলক অলপ খাদ্য আৰু পানীয় খুৱাব পাৰোঁ । তেওঁলোকেও আমি বিচৰাখিনি পোৱা উচিত । আমাৰ ৰুচি হৈছে, আমি এক উমৈহতীয়া জীৱন যাপন কৰিবলৈ ভালপাওঁ । যেনে আমি ৰাইজক ভাল সেৱা দিব পাৰোঁ । তেওঁলোকৰ সমস্যা সমাধান কৰাটো আমাৰ আগ্ৰহ ।"