অসম

assam

ETV Bharat / bharat

Ambanis host 'Arangetram' : পুত্ৰবধু ৰাধিকাৰ 'আৰাঞ্জেট্ৰাম' অনুষ্ঠান আয়োজন আম্বানী পৰিয়ালৰ - Radhika Merchant Bharatnatyam performance

অনন্ত আম্বানীৰ হ'ব লগা পত্নী ৰাধিকা মাৰ্চেণ্টে 'আৰেঞ্জট্ৰাম'ত ভাৰতনাট্যম প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰে । ৰাধিকা মাৰ্চেণ্ট নীতা আৰু মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ 'বাগদত্তা'।

Ambanis host 'Arangetram'
ৰাধিকা মাৰ্চেণ্ট

By

Published : Jun 6, 2022, 8:46 AM IST

Updated : Jun 6, 2022, 9:27 AM IST

নিউজ ডেস্ক, 6 জুন : মায়ানাগৰী মুম্বাই এনে এখন চহৰ য'ত সাধাৰণতে এক জীৱন্ত সাংস্কৃতিক দৃশ্য থাকে । কিন্তু বিগত কিছু সময়ৰ পৰা নীৰৱ হৈ আছিল এই চহৰখন । কিন্তু আকৌ এবাৰ ভাৰতনাট্যমৰ এক দৰ্শনেৰে জীৱন্ত হৈ উঠিছে এই চহৰখন । এই সকলোৰে কৃতিত্ব লাভ কৰিছে ৰাধিকা মাৰ্চেণ্টে ৷

ৰাধিকা মাৰ্চেণ্ট

ৰাধিকা মাচেন্ট নীতা আৰু মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ 'বাগদত্তা' ৷ ৰাধিকা মাৰ্চেণ্টৰ 'আৰাঞ্জেট্ৰাম' বা 'মঞ্চলৈ আৰোহণ' অনুষ্ঠান এতিয়া সকলোৰে মুখত চৰ্চিত হৈছে । দেওবাৰে আম্বানী পৰিয়ালে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই প্ৰদৰ্শনৰ আয়োজন কৰিছিল ৷

ৰাধিকাই নৃত্য শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ 'আৰেঞ্জট্ৰাম' ইয়াক উপস্থাপন কৰিছিল । মুম্বাইৰ বহু গণ্যমান্য ব্যক্তিত্বই জিঅ' ৱৰ্ল্ড চেণ্টাৰৰ গ্ৰেণ্ড থিয়েটাৰত আয়োজিত ৰাধিকাৰ প্ৰথম অন-ষ্টেজ প্ৰদৰ্শন চাবলৈ আৰু উৎসাহিত কৰিবলৈ উপস্থিত হৈছিল । ৰাধিকাৰ 'আৰাঞ্জেট্ৰম সমাৰোহ'ত মাৰ্চেণ্ট আৰু আম্বানী পৰিয়ালৰ সৈতে বলীউডৰ তাৰকাও উপস্থিত আছিল ।

ৰাধিকা মাৰ্চেণ্ট

কলা জগতৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ লগতে উদ্যোগপতিসকলো এই অনুষ্ঠানত উপস্থিত আছিল । ধীৰুভাই আম্বানী স্কোৱেৰৰ মাজেৰে আহি জিঅ' ৱৰ্ল্ড চেণ্টাৰৰ গ্ৰেণ্ড থিয়েটাৰত উপস্থিত হোৱাৰ সময়ত অতিথিসকলৰ মাজৰ উৎসাহ-উদ্দীপনা চাবলগীয়া আছিল ৷

ৰাধিকা মাৰ্চেণ্ট

পৰম্পৰাগত পোছাক পৰিধান কৰি উপস্থিত হৈছিল অতিথি: বেছিভাগ অতিথিয়ে তেওঁলোকৰ পৰম্পৰাগত পোছাকত ব্ৰোকেড আৰু এম্ব্ৰইডাৰী কৰা ৰেচম শাৰী, শ্বেৰৱানী আৰু কুৰ্তাৰ পৰিধান কৰি অনুষ্ঠানটোত উপস্থিত হৈছিল ৷ ই অনুষ্ঠানটোৰ শোভা আৰু বৃদ্ধি কৰিছিল ৷ আম্বানী পৰিয়ালে প্ৰতিজন অতিথিক উষ্ম আদৰণি জনোৱাৰ বাবে উপস্থিত আছিল । সকলোৱে কঠোৰভাৱে ক’ভিড প্ৰট’কল অনুসৰণ কৰিছিল ।

ৰাধিকা মাৰ্চেণ্ট

ৰাধিকা মাৰ্চেণ্টে এক আশ্চৰ্যকৰ প্ৰদৰ্শন আগবঢ়াইছিল: ৰাধিকা মাৰ্চেণ্টে তেওঁৰ প্ৰদৰ্শনেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল । এই মূহূৰ্তটো তেওঁৰ আৰু তেওঁৰ গুৰুৰ বাবে এটা অতি সুখৰ মুহূৰ্ত আছিল ৷ এই আৰেঞ্জট্ৰামৰ বাবে সাজু হ'বলৈ ৰাধিকাই প্ৰায় ৮ বছৰ ধৰি ভাৰত নাট্যমৰ প্ৰশিক্ষণ লৈ আছিল । আৰেঞ্জট্ৰাম হৈছে এটা মুহূৰ্ত যেতিয়া এজন যুৱ শাস্ত্ৰীয় নৃত্যশিল্পীয়ে প্ৰথমবাৰৰ বাবে মঞ্চত প্ৰদৰ্শন কৰে আৰু তেওঁৰ বছৰজোৰা কঠোৰ পৰিশ্ৰম প্ৰদৰ্শন কৰে । আৰেঞ্জট্ৰাম হৈছে মঞ্চত শাস্ত্ৰীয় নৃত্য পৰিৱেশন কৰিবলৈ আৰু আনক প্ৰশিক্ষণ দিয়াৰ বাবে নৃত্যশিল্পীৰ স্নাতকৰ প্ৰতীক ।

ৰাধিকা মাৰ্চেণ্ট

লগতে পঢ়ক :অনেকৰ মুখ্য চৰিত্ৰত অভিনয় কৰা নৰ্থ ইষ্টৰ এণ্ড্ৰিয়া কেভিচ্ছুছাৰ বিষয়ে জানো আহক

Last Updated : Jun 6, 2022, 9:27 AM IST

ABOUT THE AUTHOR

...view details