নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত উদ্ধাৰ হোৱা বিস্ফোৰক ভৰ্তি বাহনক লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বিশেষ অনুসন্ধান দলে (এচআইটি) । শেহতীয়াকৈ ভাৰতীয় মুজাহিদিনৰ অপাৰেটিভ তেহচিন আখতাৰৰ পৰা ম’বাইল আৰু চিম কাৰ্ড জব্দ কৰাৰ পিছতে বিষয়টোৰ তদন্তৰ বাবে এটা বিশেষ অনুসন্ধানকাৰী দল উপস্থিত হৈছে তিহাৰ জেলত । আম্বানিৰ ঘৰৰ সন্মুখত উদ্ধাৰ হোৱা বাহন সম্পৰ্কত বাৰ্তা প্ৰেৰণ কৰা ঘটনাৰ লগত আন কোনো জড়িত আছে নেকি সেই সন্দৰ্ভত আখতাৰক জেৰা চলাব দলটোৱে ।
উল্লেখ্য যে, যোৱা ২৫ ফেব্ৰুৱাৰীত মুকেশ আম্বানিৰ বহুমহলীয়া বাসগৃহ 'এণ্টিলিয়া'ৰ বাহিৰত বিস্ফোৰক সামগ্ৰী ভৰ্তি এখন বাহন উদ্ধাৰ হৈছিল । পৰৱৰ্তী সময়ত এই ঘটনা 'জইছ-উল-হিন্দ' নামৰ এটা সংগঠনে সংঘটিত কৰা বুলি স্বীকাৰ কৰিছিল ।