নেশ্যনেল ডেস্ক,২৮ মাৰ্চ:শেহতীয়াকৈ ভাৰতৰ প্ৰভাৱশালী উদ্যোগপতি মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত বিস্ফোৰক সামগ্ৰী ভৰ্তি এখন বাহন উদ্ধাৰ হৈছিল । এই ঘটনাই দেশজুৰি চাঞ্চল্য বিৰাজ কৰাৰ সময়তে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এন আই এ) ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । বিশিষ্ট উদ্যোগপতি গৰাকীৰ ঘৰৰ সন্মুখত উদ্ধাৰ হোৱা বাহনখনৰ গৰাকীৰ তথ্য লাভ কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে ।
এণ্টিলিয়া কাণ্ড: দুগৰাকী বিষয়াক নিয়াৰ জেৰা - অনুসন্ধানকাৰী সংস্থা
শনিবাৰে অনুসন্ধানকাৰী সংস্থাটোৱে মুম্বাই অপৰাধ শাখাৰ বিষয়া ৰিয়াজুদ্দিন কাজিক সোধ-পোছ কৰে । অপৰাধ শাখাৰ আন এৰাকী সহকাৰী আৰক্ষী পৰিদৰ্শক প্ৰকাশ হাৱালেও সোধ-পোছৰ বাবে অনুসন্ধানকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৷
দুগৰাকী বিষয়াক নিয়াৰ জেৰা
শনিবাৰে অনুসন্ধানকাৰী সংস্থাটোৱে মুম্বাই অপৰাধ শাখাৰ বিষয়া ৰিয়াজুদ্দিন কাজিক সোধ-পোছ কৰে । অপৰাধ শাখাৰ আন এৰাকী সহকাৰী আৰক্ষী পৰিদৰ্শক প্ৰকাশ হাৱালকো সোধ-পোছৰ বাবে অনুসন্ধানকাৰী সংস্থাৰ কাৰ্যালয়ত হাজিৰ কৰোৱায় ।