নেশ্যনেল ডেস্ক,19 জানুৱাৰী : নবেল বঁটা প্ৰাপক অৰ্মত্য সেনে সোমবাৰে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ক তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ খণ্ডনৰ দাবী উত্থাপন কৰে ৷ তেওঁ কয় যে, শান্তিনিকেতন চৌহদত তেওঁৰ পৰিয়ালে 'অবৈধ'ভাৱে মাটি দখল কৰাৰ অভিযোগ খণ্ডন কৰিবলৈ কোৱাৰ লগতে এনে অভিযোগ নিৰ্যাতনৰ দৰে বুলি অভিহিত কৰে ৷
বিশ্ব ভাৰতীৰ উপাধ্যক্ষ প্ৰফেচাৰ বিদ্যুত চক্ৰৱৰ্তীলৈ এখন পত্ৰ প্ৰেৰণ কৰি সেনে এই কথা উল্লেখ কৰে ৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই মাটিৰ বিবাদৰ স্থায়ী নিষ্পত্তিৰ বাবে পশ্চিম বংগ চৰকাৰক অনুৰোধ কৰাৰ দুদিন পাচতে এই পত্ৰ প্ৰেৰণ কৰে সেনে ৷
বিখ্যাত অৰ্থনীতিবিদগৰাকীয়ে পত্ৰখনত কয় যে, তেওঁৰ পিতৃয়ে এই মাটিখিনি বিশ্ব ভাৰতীৰ পৰা নহয়, বজাৰৰ পৰা ক্ৰয় কৰিছে ৷ লগতে এই মাটিৰ বাবে তেওঁ প্ৰতি বছৰে কৰ প্ৰদানো কৰি আহিছে ৷
ইয়াৰ পূৰ্বে সেনে বিশ্ব ভাৰতীৰ উপাধ্যক্ষ গৰাকীলৈ এখন আইনী জাননীও প্ৰেৰণ কৰিছিল ৷