নেচনেল ডেস্ক, ৯জুলাই: জন্মু-কাশ্মীৰৰ ৰাজ্য়পাল লেফটেনেণ্ট মনোজ সিনহাই শনিবাৰে শ্বেৰ-ই-কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এছকেআইএমএছ )পৰিভ্ৰমণ কৰি অমৰনাথৰ পবিত্ৰ গুহাত ডাৱৰ বিস্ফোৰণত আঘাতপ্ৰাপ্ত যাত্ৰীসকলৰ অৱস্থাৰ বুজ লয় (LG meets injured victims at SKIMS hospital)। তেওঁ চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ সৈতে কথোপকথন কৰি জন্মু-কাশ্মীৰ প্ৰশাসনৰ হৈ তেওঁলোকক সকলো সুবিধাৰ আশ্বাস দিয়ে ।
ইয়াৰ পাছতে ৰাজ্য়পাল লেফটেনেণ্ট মনোজ সিনহাই এছকেআইএমএছত ভৰ্তি হোৱা আন যাত্ৰীসকলৰো স্বাস্থ্যৰ বুজ লয় (Sher I Kashmir Institute of Medical Sciences)। এই পৰিদৰ্শনৰ সময়ত এছকেআইএমএছৰ সঞ্চালক অধ্যাপক পাৰভাইজ এ কুলে চিকিৎসাধীন লোকসকলৰ স্বাস্থ্য সম্পৰ্কীয় তথ্যসমূহ অৱগত কৰে । সঞ্চালকগৰাকীয়ে সামগ্ৰিকভাৱে ৫২ গৰাকী যাত্ৰীক এছকেআইএমএছত ভৰ্তি কৰোৱা আৰু ইয়াৰ ভিতৰত ৩৫গৰাকীক চিকিৎসা প্ৰদানৰ অন্তত যাবলৈ দিয়া হয় বুলি উল্লেখ কৰে । গুৰুতৰভাৱে আহত ১৭ গৰাকী ৰোগীৰ ভিতৰত এজনৰ চিকিৎসালয়ত মৃত্য়ু হোৱা আৰু এজনক এছকেআইএমএছ চিকিৎসা মহাবিদ্যালয়ৰ পৰা বেমিনালৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে ।