নেশ্যনেল ডেস্ক, 26 অক্টোবৰ : বুধবাৰে পঞ্জাৱৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে ঘোষণা কৰিব পাৰে নতুন ৰাজনৈতিক দলৰ নাম ৷ এই সন্দৰ্ভত ইংগিত প্ৰদান কৰে প্ৰেছ উপদেষ্টা ৰবীন থকৰালে ৷ থকৰালে চণ্ডীগড়ত মঙলবাৰে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়তে এই ইংগিত স্পষ্ট হৈ পৰে ৷
যোৱা সপ্তাহত কংগ্ৰেছক বিদায় জনাই অমৰিন্দৰ সিঙে নিজৰ ৰাজনৈতিক দল মুকলি কৰাৰ কথা ঘোষণা কৰিছিল ৷ বিগত এবছৰেসাধাৰণ জনতাৰ লগতে নিজৰ অধিকাৰৰ বাবে তেওঁৰ দলটোৱে সেৱা আগবঢ়াব বুলি কৈছিল অমৰিন্দৰ সিঙে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যদি কৃষকসকলৰ সমস্যাসমূহ তেওঁলোকৰ স্বাৰ্থত সমাধান কৰা হয়, তেন্তে ৰাজ্যখনত অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে আসনৰ ভাগ-বতৰাৰ ব্যৱস্থা কৰাত তেওঁ আশাবাদী ।