নেশ্যনেল ডেস্ক,২৬ জানুৱাৰী :আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)। দেশৰ প্ৰতিটো প্ৰান্ততে এই দিৱস পালন কৰা হৈছে । দেশৰ এই বিশেষ দিনটোক উৎসাহেৰে উদযাপন কৰিছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে । ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ ভাৰতৰ সংবিধান গৃহীত হোৱা দিনটোক সকলোৱে স্মৰণ কৰা দেখা গৈছে । লাখ লাখ ভাৰতীয়ই গণৰাজ্য দিৱসৰ কুচ-কাৱাজৰ সময়ত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ু সেনাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ সাক্ষী হৈ দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰিছে ।
এনে এক সময়তে বিশেষভাৱে চৰ্চা লাভ কৰিছে ছট্টিশগড়ৰ এটা পেট্ৰ'ল পাম্পে । দেশপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিছে ধাৰচিৱা গাঁৱৰ ৰায়পুৰ-বিলাসপুৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা অমৰ জোৱান পেট্ৰ'ল পাম্পে (Amar Jawan Fuels in Dharsiwa)। বিগত দুবছৰ ধৰি এই পেট্ৰ'ল পাম্পটো চৰ্চাত আছে ।
কিয়নো এই পেট্ৰ'ল পাম্পটো শ্বহীদসকলৰ পৰিয়ালৰ বাবে সমৰ্পিত (Petrol pump dedicated to families of martyrs)। এই পেট্ৰ'ল পাম্পৰ পৰা হোৱা উপাৰ্জন শ্বহীদসকলৰ সন্তানৰ শিক্ষা আৰু বিয়াৰ বাবে ব্যৱহাৰ কৰা হয় । অমৰ জোৱান ফুৱেলছ নামৰ পেট্ৰ'ল পাম্পটোৰ সঞ্চালক হৰিশ ভাই যোশীয়ে ইটিভি ভাৰতক জনোৱা মতে আমাৰ দেশৰ বীৰ সৈনিকসকলে আমাক সুৰক্ষা দিয়াৰ স্বাৰ্থত প্ৰাণ আহুতি দিছে । সেয়ে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য হৈছে আমাৰ কৰ্মৰ জৰিয়তে এই শ্বহীদ সৈনিকসকলৰ পৰিয়ালক সহায় কৰা । সেয়ে তেওঁলোকৰ এই মহান উদ্দেশ্যত সমৰ্থন জনাবলৈ দেশৰ প্ৰতিগৰাকী নাগৰিকে তেওঁ আহ্বান জনায় ।
যোশীয়ে কোৱা মতে পেট্ৰ'ল পাম্পৰ উপাৰ্জনৰ এটা টকাও ঘৰলৈ নাযায় । তেওঁলোকে গ্ৰাহকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰে আৰু বাকী উপাৰ্জন শ্বহীদ সৈনিকসকলৰ সন্তানৰ বিবাহ আৰু শিক্ষাৰ ব্যয়ৰ বাবে খৰছ কৰা হয় ।