অসম

assam

ETV Bharat / bharat

Alliance air pilot detained: ৰাজস্থানত বায়ু সেনাই আটক কৰিলে এলায়েন্স এয়াৰৰ পাইলটক - ৰাজস্থানৰ উত্তৰলাই বিমান বন্দৰ

ৰাজস্থানৰ উত্তৰলাই বিমান বন্দৰত বায়ু সেনাই আটক কৰে এলায়েন্স এয়াৰৰ এগৰাকী পাইলটক ৷ বিমান বন্দৰত অনুমতি বিহীনভাৱে ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰাৰ বাবেই আটক কৰা হয় পাইলটগৰাকীক ৷

Alliance air pilot detained
ৰাজস্থানত বায়ু সেনাই আটক কৰিলে এলায়েন্স এয়াৰৰ পাইলটক

By

Published : Jan 13, 2023, 3:28 PM IST

নেশ্যনেল ডেস্ক, 13 জানুৱাৰী: এলায়েন্স এয়াৰৰ এগৰাকী পাইলটক ৰাজস্থানৰ উত্তৰলাই বায়ু সেনা ঘাটিত আটক(Alliance Air pilot detained by IAF) ৷ বায়ু সেনাৰ ঘাটিৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰাৰ বাবে বায়ু সেনাৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰে পাইলটগৰাকীক ৷

এই ঘটনাৰ পিছতে এলায়েন্স এয়াৰে এক বিবৃতি যোগে কয়, ‘‘এলায়েন্স এয়াৰৰ বাবে সুৰক্ষা অতি গুৰুত্বপূৰ্ণ বিষয় ৷ পাইলটগৰাকীয়ে ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰা কাৰ্যক গুৰুত্বসহকাৰে গ্ৰহণ কৰা হৈছে ৷ লগতে সকলো প্ৰয়োজনীয় সংশোধনমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ বিমান যাত্ৰীসকলৰ অসুবিধাৰ বাবে আমি দুঃখিত ৷’’

উল্লেখ্য যে, ৰাজস্থানৰ উত্তৰলাই বিমান বন্দৰৰ পৰা দিল্লীলৈ এখন চাৰ্টাৰ বিমান 23গৰাকী যাত্ৰীক লৈ ৰাওনা হ’বলৈ লোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ এই সন্দৰ্ভত বিমান পৰিবহন সঞ্চালকালয়ৰ (Directorate General of Civil Aviation) ওচৰত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছে বায়ু সেনাই ৷

ABOUT THE AUTHOR

...view details