নেশ্যনেল ডেস্ক,৩ আগষ্ট :পুনৰ আৰম্ভ হ'ব বিতৰ্কিত জ্ঞানবাপী শৃংগাৰ গৌৰীৰ বৈজ্ঞানিক জৰীপ । এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানবাপীৰ এএছআই জৰীপৰ ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰে । বৈজ্ঞানিক জৰীপৰ বিৰুদ্ধে মুছলমান পক্ষই দাখিল কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে সেউজ সংকেত দিয়ে আদালতে ।
শুনানিৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানবাপীৰ এএছআই জৰীপ অব্যাহত ৰাখিবলৈ সেউজ সংকেত দিয়ে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত অনুষ্ঠিত শুনানিৰ সময়ত হিন্দু আৰু মুছলমান পক্ষই যুক্তি উত্থাপন কৰে । আদালতৰ নিৰ্দেশত হাজিৰ হোৱা ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধানে জৰীপটোত গ্ৰহণ কৰিবলগীয়া বিভিন্ন কৌশলৰ বিষয়েও আদালতক অৱগত কৰে ।
ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে আদালতক আশ্বাস দিয়ে যে বৈজ্ঞানিক জৰীপৰ ফলত জ্ঞানবাপী ভৱনৰ কোনো ধৰণৰ ক্ষতি নহয় । তিনিদিনীয়া শুনানিৰ অন্তত ২৭ জুলাইত উচ্চ ন্যায়ালয়ে ৰায়টো সংৰক্ষিত ৰাখিছিল আৰু জৰীপৰ ওপৰত নিষেধাজ্ঞা অব্যাহত ৰখাৰ নিৰ্দেশ দিছিল । জৰীপৰ অনুমতি দিয়া বাৰাণসী জিলা ন্যায়াধীশৰ নিৰ্দেশক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অঞ্জুমান ইন্তজামিয়া মছজিদে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল । মুছলমান পক্ষৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰীতিংকৰ দিবাকৰৰ এক বিচাৰপীঠে গ্ৰহণ কৰিছিল ।