নেশ্যনেল ডেস্ক, 19 ডিচেম্বৰ:এলাহাবাদ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে বেআইনী ধৰ্মান্তৰণত বাধা দিবলৈ উত্তৰ প্ৰদেশ চৰকাৰৰ অধ্যাদেশ স্থগিত ৰখাৰ বাবে অস্বীকাৰ কৰে আৰু আইনক প্ৰত্যাহ্বান জনাই কৰা আবেদনৰ ভিত্তিত ৰাজ্য আৰু অন্যান্য আবেদনকাৰীলৈ এক জাননী জাৰি কৰি জৱাবদিহি কৰিছে ৷
লাভ জেহাদৰ অধ্যাদেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ - বেআইনী ধৰ্মান্তৰণ
উত্তৰ প্ৰদেশ চৰকাৰৰ লাভ জেহাদৰ অধ্যাদেশ স্থগিত ৰখাৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ ৷ মুখ্য ন্যায়াধীশ গোবিন্দ মাঠোৰ, ন্যায়াধীশ পিযুষ আগৰৱালাৰ দ্বাৰা গঠিত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই অধ্যাদেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে ৷ স্থগিতাদেশৰ নামত কোনো ধৰণৰ অন্তৱৰ্তীকালীন সকাহ দিয়াৰ বাবেও ন্যায়ালয়ে অস্বীকাৰ কৰে ৷

লাভ জেহাদৰ অধ্যাদেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ এলাহবাদ উচ্চ ন্যায়ালয়ৰ
লাভ জেহাদৰ নামত ধৰ্মান্তকৰণ বন্ধ কৰাৰ উদ্দেশ্যে নৱেম্বৰ মাহত Uttar Pradesh Prohibition of Unlawful Conversion of Religion Ordinance, 2020 ঘোষণা কৰা হৈছিল ৷ মুখ্য ন্যায়াধীশ গোবিন্দ মাথোৰ, ন্যায়াধীশ পিযুষ আগৰৱালাই এই সন্দৰ্ভত ৰাজ্য চৰকাৰক 4 জানুৱাৰীৰ ভিতৰত এক কাউন্টাৰ এফিডেফিট দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ৷ অৱশ্যে উক্ত বিচাৰপীঠে স্থগিতাদেশৰ ৰূপত কোনোধৰণৰ অন্তৱৰ্তীকালীন সকাহ প্ৰদানৰ বাবে অস্বীকাৰ কৰে ৷
লগতে পঢ়ক:দিল্লীৰ হিংসাত্মক ঘটনাৰ অভিযুক্তক জামিনত মুক্তি দিলে আদালতে