নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: বুধবাৰে দেহাৱসান ঘটে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱৰ । তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ আছিল । তেওঁ ১৯৮৬ চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৮৮ চনত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অধ্যয়ন সম্পূৰ্ণ কৰে শ্ৰীবাস্তৱে ।
২০০৫ চনত তেওঁ উচ্চতৰ ন্যায়িক সেৱাত নিযুক্তি লাভ কৰে । ২০১৬ চনত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে বীৰেন্দ্ৰ কুমাৰ শ্ৰীবাস্তৱৰ পদোন্নতি হয় । তেওঁ ২০১৬-২০১৮ চনলৈ আইনসভাৰ প্ৰধান সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।