অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত ক’ভিড 19 ৰ প্ৰথম পালি টীকাকৰণ সম্পন্ন - ত্ৰিপুৰাত ক’ভিড ভেকচিন

ত্ৰিপুৰাত 100 শতাংশ সম্পূৰ্ণ ক’ভিডৰ প্ৰথম পালি ভেকচিনৰ প্ৰদান ৷ বৰ্তমানলৈকে ৰাজ্যখনত মুঠ 33,46,334 পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ ইয়াৰে 24,60,683 টা প্ৰথম পালিৰ প্ৰতিষেধক ৷

All Tripura urban bodies vaccinated with first dose
ত্ৰিপুৰাৰ সকলো নগৰীয়া সংস্থাক প্ৰথম পালি টীকাকৰণ সম্পন্ন

By

Published : Sep 12, 2021, 7:44 AM IST

আগৰতলা, 12 ছেপ্তেম্বৰ : ত্ৰিপুৰাৰ 20 টা নগৰীয়া স্থানীয় সংস্থাত 100 শতাংশ সম্পূৰ্ণ হ’ল ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কাৰ্য ৷ এই নগৰাঞ্চলসমূহত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী যোৱা মাহৰ শেষৰ ফালে সমাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ শেহতীয়া তথ্য অনুসৰি, এই 20 খন নগৰৰ 18 বছৰৰ ঊৰ্ধৰ সকলো লোককে ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

ত্ৰিপুৰাৰ সকলো নগৰীয়া সংস্থাক প্ৰথম পালি টীকাকৰণ সম্পন্ন

ইয়াৰ উপৰিও ৰাজ্যখনৰ মুঠ 1,178 খন গাঁৱৰ 511 খন গাঁও পঞ্চায়ত আৰু ADC গাঁৱসমূহতো 100 শতাংশ প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ এই সন্দৰ্ভত স্বাস্থ্যকৰ্মীসকলে মন্তব্য কৰে এনেদৰে, "আমি এক ডাঙৰ মাইলৰ খুঁটি স্পৰ্শ কৰিলো ৷ যিহেতু ক’ভিড 19 হৈছে এক নগৰীয়া ৰোগ, গতিকে আমি ইয়াক প্ৰতিহত কৰাৰ বাবে দ্ৰুত গতিত কাম কৰিছো ৷ ইতিমধ্যে আটাইকেইটা নগৰীয়া স্থানীয় সংস্থাতে সম্পূৰ্ণৰূপে টীকাকৰণ কৰা হৈছে" ৷

সমান্তৰালকৈ মুঠ 58 টা গ্ৰামোন্নয়ন ব্লকৰ 11 টাত সম্পূৰ্ণ টীকাকৰণ কৰা হৈছে ৷ বৰ্তমানলৈকে ৰাজ্যখনত সৰ্বমুঠ 33,46,334 পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ ইয়াৰে 24,60,683 টা প্ৰথম পালি আৰু বাকী 8,85,651 টা দ্বিতীয় পালি হিচাপে প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক :ত্ৰিপুৰাত অনাথ শিশুৰ বাবে আশ্ৰয় গৃহ মুকলি

ABOUT THE AUTHOR

...view details