অসম

assam

ETV Bharat / bharat

স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে মুক্তি দিলে বিলকিছ বানু ধৰ্ষণ গোচৰৰ 11 কাৰাবন্দীক

স্বাধীনতাৰ 75 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘‘আজাদী কা অমৃত মহোৎসৱ’’ৰ (Azadi Ka Amrit Mahotsav) অংশ হিচাপে দেশৰ কাৰাগাৰত বন্দী হৈ থকা একাংশ কয়দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল (Rape convicts released from jail in Gujrat) ৷ সেইসকল কয়দীৰ মাজত স্থান লাভ কৰিলে বিলকিছ বানুৰ ধৰ্ষণকাৰী এই 11 গৰাকী কাৰাবন্দীয়ে (Bilkis Bano rape convicts) ৷

Godhra riots in Gujrat
Godhra riots in Gujrat

By

Published : Aug 16, 2022, 8:39 AM IST

নিউজ ডেস্ক, 16 আগষ্ট:সমগ্ৰ দেশক কঁপাই যোৱা গুজৰাটৰ গোধৰা কাণ্ডৰ কথা আপুনিও নিশ্চয় শুনিছে (Godhra riots in Gujrat) ৷ 2002 চনত সংঘটিত হৈছিল দেশ কঁপোৱা সেই নৰমেধ যজ্ঞ ৷ সেই গোধৰা কাণ্ডত এগৰাকী গৰ্ভৱতী মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা 11 গৰাকী অভিযুক্তই কাৰামুক্তি লাভ কৰিলে দেশৰ 76 সংখ্যক স্বাধীনতা দিৱসত (All life imprisonment convicts of Bilkis Bano case released)৷

স্বাধীনতাৰ 75 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘‘আজাদী কা অমৃত মহোৎসৱ’’ৰ (Azadi Ka Amrit Mahotsav) অংশ হিচাপে দেশৰ কাৰাগাৰত বন্দী হৈ থকা একাংশ কয়দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল (Rape convicts released from jail in Gujrat) ৷ সেইসকল কয়দীৰ মাজত স্থান লাভ কৰিলে বিলকিছ বানুৰ ধৰ্ষণকাৰী এই 11 গৰাকী কাৰাবন্দীয়ে (Bilkis Bano rape convicts) ৷

২০০৮ চনৰ ২১ জানুৱাৰীত কেন্দ্ৰীয় অনুসন্ধানকাৰী আয়োগৰ মুম্বাইৰ এখন বিশেষ আদালতে বিলকিছ বানুৰ দলবদ্ধ ধৰ্ষণ (Bilkis Bano rape case) আৰু তেওঁৰ পৰিয়ালৰ সাতজন সদস্যক হত্যাৰ অভিযোগত এঘাৰজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । পৰৱৰ্তী সময়ত তেওঁলোকৰ দোষী সাব্যস্ত হোৱা বুলি বোম্বে উচ্চ ন্যায়ালয়ে সমৰ্থন কৰে ।

এই দোষীসকলে ১৫ বছৰতকৈ অধিক সময় কাৰাবাস খাটিছিল ৷ যাৰ পিছত তেওঁলোকৰ এজনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু তেওঁক সময়সীমা শেষ হোৱাৰ পূৰ্বে মুকলি কৰি দিয়াৰ বাবে আবেদন জনাইছিল । পেনেলৰ মুৰব্বী পঞ্চমহলৰ কালেক্টৰ সুজল মায়াত্ৰাই কয় যে, উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰক তেওঁৰ শাস্তি ক্ষমা কৰাৰ বিষয়টো চাবলৈ নিৰ্দেশ দিছিল আৰু তাৰ পিছত চৰকাৰে এখন কমিটী গঠন কৰিছিল ।

মায়াত্ৰাই কয়, ‘‘কিছু মাহ পূৰ্বে গঠন কৰা এখন কমিটীয়ে এই গোচৰৰ ১১ জন দোষীক ৰেহাই দিয়াৰ সপক্ষে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছিল । এই পৰামৰ্শ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু কালি আমি তেওঁলোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ লাভ কৰিছিলো’’।

২০০২ চনৰ ৩ মাৰ্চত গোধৰা কাণ্ডৰ সময়ত দাহোদ জিলাৰ লিমখেদা তালুকৰ ৰান্ধিকপুৰ গাঁৱত বিলকিছ বানুৰ পৰিয়ালৰ লোকৰ ওপৰত এক সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰি পৰিয়ালটোৰ 7 গৰাকী সদস্যক হত্যা কৰা হৈছিল । আন ছজন সদস্য পলাই যাবলৈ সক্ষম হোৱা বুলি আদালতক জনোৱা হয় । সেই সময়ত দুৰ্বৃত্তই পাঁচ মাহৰ অন্তঃসত্বা বিলকিছ বানুক দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল ৷ ২০০৪ চনত এই গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল ।

পৰৱৰ্তী সময়ত আহমেদাবাদত এই গোচৰৰ বিচাৰ আৰম্ভ হয় । কিন্তু বিলকিছ বানুৱে সাক্ষীৰ ক্ষতি হ’ব পাৰে বুলি শংকা প্ৰকাশ কৰাৰ পিছত আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী আয়োগে সংগ্ৰহ কৰা প্ৰমাণ খেলিমেলি কৰাৰ পিছত ২০০৪ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে গোচৰটো মুম্বাইলৈ হস্তান্তৰ কৰে ।

উল্লেখযোগ্য যে, ২০০৮ চনৰ ২১ জানুৱাৰীত চিবিআইৰ বিশেষ আদালতে বিলকিছ বানুৰ দলবদ্ধ ধৰ্ষণ আৰু পৰিয়ালৰ ৭জন সদস্যক হত্যাৰ অভিযোগত এঘাৰজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে (Convicts of Bilkis Bano rape case released from Jail) । ২০১৮ চনত অভিযুক্ত ব্যক্তিসকল দোষী সাব্যস্ত হোৱাটো সমৰ্থন কৰি দিয়া আদেশত বোম্বে উচ্চ ন্যায়ালয়ে এই গোচৰৰ ৭ জন ব্যক্তিক দোষমুক্ত কৰাৰ সিদ্ধান্তও বাতিল কৰিছিল ।

অকাল মুক্তিৰ অনুমতি লাভ কৰা ১১ জন দোষী হৈছে যশৱন্তভাই নাই, গোবিন্দভাই নাই, শৈলেশ ভাট্ট, ৰাধেশাম শ্বাহ, বিপিন চন্দ্ৰ যোশী, কেশৰভাই ভোহানিয়া, প্ৰদীপ মৰ্ধিয়া, বকাভাই ভোহানিয়া, ৰাজুভাই ছোনী, মিতেশ ভাট্ট আৰু ৰমেশ চন্দনা ।

ইয়াৰে এজন ৰাধেশ্যাম শ্বাহে ফৌজদাৰী বিধিৰ ৪৩২ আৰু ৪৩৩ ধাৰা অনুসৰি শাস্তিৰ ক্ষমা বিচাৰি গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । তেওঁৰ ৰেহাইৰ বিষয়ে সিদ্ধান্ত লোৱা "যথাযথ চৰকাৰ" গুজৰাট নহয় মহাৰাষ্ট্ৰহে বুলি ব্যক্ত কৰি উচ্চ ন্যায়ালয়ে সেই আবেদন খাৰিজ কৰে । ইয়াৰ পিছতে শ্বাহে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি ২০২২ চনৰ ১ এপ্ৰিললৈকে ১৫ বছৰ ৪ মাহ ধৰি ৰেহাই নোহোৱাকৈ কাৰাগাৰত আছে বুলি আবেদন জনায় ।

যোৱা ১৩ মে’ তাৰিখে দিয়া আদেশত শীৰ্ষ আদালতে উল্লেখ কৰিছে যে, যিহেতু গুজৰাটত এই অপৰাধ সংঘটিত হৈছে, গতিকে শ্বাহৰ আবেদন পৰীক্ষা কৰিবলৈ গুজৰাট চৰকাৰেই উপযুক্ত । ১৯৯২ চনৰ ৯ জুলাইৰ নীতি অনুসৰি অকালতে মুক্তিৰ বাবে কৰা আবেদনখন বিবেচনা কৰিবলৈ আৰু দুমাহৰ ভিতৰত এই সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ গুজৰাট চৰকাৰক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ৷

লগতে পঢ়ক:শোণিতপুৰত স্বাধীনতা দিৱসত 37 গৰাকী কাৰাবন্দীক মুকলিৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details