নেশ্যনেল ডেস্ক, 17 অক্টোবৰ: ২৪ বছৰতকৈ অধিক সময়ৰ অন্তত সোমবাৰে কংগ্ৰেছে দলটোৰ শীৰ্ষ পদৰ বাবে নিৰ্বাচিত কৰিবলৈ সাজু হৈছে এগৰাকী অগান্ধী সভাপতি (Congress president election)৷ দলটোৰ শীৰ্ষ পদৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত মুখামুখি হ'ব দলটোৰ জেষ্ঠ মল্লিকাৰ্জুন খৰ্গে(Congress leader Mallikarjun Kharge) আৰু সাংসদ শশী থাৰুৰ(MP Shashi Tharoor) । প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৯ হাজাৰৰো অধিক প্ৰতিনিধিয়ে গোপন বেলটত দলৰ নতুন মুৰব্বী নিৰ্বাচনৰ বাবে আজি ভোটদান কৰিব ।
প্ৰদেশ কংগ্ৰেছ কমিটিৰ (All India Congress Committee) দিল্লীৰ মুখ্য কাৰ্যালয় আৰু সমগ্ৰ দেশৰ ৬৫ টাতকৈও অধিক ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ প্ৰক্ৰিয়া । দলটোৰ ১৩৭ বছৰীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে কংগ্ৰেছে নিৰ্বাচনী প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ সভাপতি নিৰ্বাচন কৰিব(137 years Congress history) । ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে সোমবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজাৰ পৰ্যন্ত ৷ ফলাফল ঘোষণা কৰা হ’ব ১৯ অক্টোবৰৰ দিনা ।
"সকলো ৰাজ্যৰ প্ৰতিনিধিয়ে নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত তেওঁলোকে সমৰ্থন কৰা প্ৰাৰ্থীগৰাকীক 'টিক' মাৰ্ক দি ভোটদান কৰিব । ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষ মধুসুদন মিষ্ট্ৰীয়ে জানিবলৈ দিয়ে(Central Election Authority Chairman of Congress Madhusudan Mistry) । ১৮ অক্টোবৰত বেলট বক্স দিল্লীলৈ লৈ যোৱা হ'ব আৰু ১৯ অক্টোবৰত ভোট গণনা কৰা হ'ব ।
এআইচিচিৰ কাৰ্যালয়তো এটা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব । য’ত ৫০ জনতকৈ অধিক লোকে ভোটদান কৰিব পাৰিব । গতিকে সমগ্ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াটো যে শুদ্ধ আৰু নিকা হ'ব সেয়া খাতাং বুলি নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ৷ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধী(Sonia Gandhi) আৰু দলটোৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Congress general secretary Priyanka Gandhi Vadra)প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় দিল্লীত স্থাপন কৰা ভোটদান কেন্দ্ৰত ভোটদান কৰাৰ সম্ভাৱনা আছে ৷