অসম

assam

ETV Bharat / bharat

Rahul Gandhi conviction: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ জৰুৰী বৈঠক আহ্বান - Rahul Gandhi disqualified from parliament

‘‘মোদী উপাধি’’ মন্তব্যক লৈ গুজৰাটৰ চূৰাটৰ এখন আদালতে ৰাহুল গান্ধীক অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পাচতে শুকুৰবাৰে খাৰিজ হয় ৰাহুল গান্ধীৰ সাংসদ পদ (Modi surname remark) ৷ অহা লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৰাহুল গান্ধীয়ে ৷ ইফালে আজি বিয়লি 5 বজাত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে আহ্বান কৰিছে এখন জৰুৰী বৈঠকৰ (Rahul Gandhi disqualified from parliament) ৷ কেৰালাৰ ৱায়ানাদ সংসদীয় সমষ্টিৰ সাংসদ আছিল ৰাহুল গান্ধী ৷

Rahul Gandhi conviction
Rahul Gandhi

By

Published : Mar 24, 2023, 4:38 PM IST

নিউজ ডেস্ক, 24 মাৰ্চ: ‘‘মোডী উপাধি’’ৰ মন্তব্যক লৈ ৰাহুল গান্ধীক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ডৰ ৰায় দিয়াৰ পিচত শুকুৰবাৰে পৰিচালনা সমিতিক জৰুৰী বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে । কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্ব কৰিব এই বৈঠকত । আজি সন্ধিয়া 5.00 বজাত নতুন দিল্লীৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত পিচিচিৰ সভাপতি, চিএলপিৰ নেতা আৰু ফ্ৰন্টাল সংগঠন, বিভাগ আৰু কোষৰ ৰাষ্ট্ৰীয় মুৰব্বীসকলে অংশগ্ৰহণ কৰিব (AICC emergency meet) ।

ইতিমধ্যে কেৰালাৰ ৱায়ানাদ সংসদীয় সমষ্টিৰ সাংসদ ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ ইতিমধ্যে খাৰিজ কৰা হৈছে ৷ অহা 2024 ৰ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৰাহুল গান্ধীয়ে ৷ জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ ৰ ধাৰা ৮ ৰ অধীনত লোকসভাৰ সদস্য ৰাহুল গান্ধীক দোষী সাব্যস্ত হোৱাৰ তাৰিখৰ পৰা অৰ্থাৎ ২০২৩ চনৰ ২৩ মাৰ্চৰ পৰা লোকসভাৰ সদস্যপদৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে (Rahul Gandhi disqualified from parliament) ।

দলটোৱে নেতাসকলক এআইচিচিৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আৰু আনসকলেও ভাৰ্চুৱেলি যোগদান কৰিব পাৰিব ৷ যাৰ সবিশেষ শনিবাৰে বিয়লি ৪:০০ বজাত শ্বেয়াৰ কৰা হ’ব । কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে কয় যে, আদালতৰ ৰায় তেওঁলোকৰ দলৰ বাবে চিন্তাৰ বিষয় আৰু ইয়াৰ পৰিণাম বিশ্লেষণ কৰি ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতৰ অনুমতি বিচৰা হৈছে (Surat court convicts Rahul Gandhi)।

লগতে পঢ়ক:Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

কংগ্ৰেছ দলে চূৰাট আদালতৰ শেহতীয়া ৰায়দানৰ প্ৰতি লক্ষ্য ৰাখি উল্লেখ কৰিছে যে, শাসকীয় বিজেপিয়ে সংসদত ৰাহুল গান্ধীৰ মাত বন্ধ কৰিবৰ বাবে এনে ধৰণৰ বিভিন্ন কৌশল অৱলম্বন কৰিছে । এই পটভূমিত এক সংহতি পদযাত্ৰাৰ পৰিকল্পনা কৰা হৈছে । সংসদৰ অধিৱেশনৰ প্ৰথম দিনাৰ পৰাই ৰাহুল গান্ধীয়ে আদানী বিষয়টো উত্থাপন কৰি আহিছে ৷ যাৰবাবে বিজেপিৰ সদস্যসকলে বিৰোধীক স্তব্ধ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে বুলি দাবী কৰে কংগ্ৰেছৰ নেতাসকলে (Modi surname case) ।

সকলো সংস্থাৰ ‘অপব্যৱহাৰ’ক লৈ উদ্বেগ প্ৰকাশ কৰি কংগ্ৰেছে অভিযোগ কৰে যে, ন্যায়পালিকাও অযথা প্ৰভাৱত পৰিছে । কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বেনুগোপালে কয় যে, শেহতীয়া ৰায়দানৰ পিচত বিভিন্ন দলে সংহতি প্ৰকাশ কৰিছে । চূৰাট আদালতে ৰাহুল গান্ধীক উচ্চ ন্যায়ালয়ত সকাহ বিচাৰিবলৈ এমাহৰ সময় দিয়ে ।

ইফালে ৰাজ্যসভাৰ নিৰ্দলীয় সাংসদ তথা প্ৰাক্তন কংগ্ৰেছ নেতা কপিল ছিবালে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে, আইনী প্ৰক্ৰিয়াসমূহ ৰাজনৈতিক লক্ষ্য পূৰণৰ বাবে অতি সঘনাই ব্যৱহাৰ কৰা হৈছে । ৰাহুল গান্ধীৰ দুবছৰৰ শাস্তিৰ সন্দৰ্ভত ছিবালে কয় যে, এয়া অদ্ভুত ।

লগতে পঢ়ক:Modi Surename Case : দোষী সাব্যস্ত হোৱাৰ পিছতো গুজৰাটী ব্যঞ্জনৰ সোৱাদ গ্ৰহণ ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details