অসম

assam

ETV Bharat / bharat

বসুন্ধৰা ৰাজেকে ধৰি সকলোৱে মোৰ সৈতে প্ৰত্যক্ষ যোগাযোগত আছে : প্ৰহ্লাদ যোশী - বসুন্ধৰা ৰাজে

ৰাজস্থানত কংগ্ৰেছৰ পৰা বিজেপিয়ে ক্ষমতা দখল কৰাৰ এসপ্তাহ হ’ল । ২০০ সদস্যৰ সদনত গেৰুৱা দলটোৱে ১১৫খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬৯খন আসন লাভ কৰে ৷ ১৯৯ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৩ ডিচেম্বৰ দেওবাৰে ভোটগণনা অনুষ্ঠিত হৈছিল ৷

Union Minister Pralhad Joshi
কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 7:29 PM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ :কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা ৰাজস্থান ভাৰতীয় জনতা পাৰ্টিৰ প্ৰভাৰী প্ৰহ্লাদ যোশীয়ে দেওবাৰে কয় যে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ বিধায়ক বসুন্ধৰা ৰাজেকে ধৰি সকলোৱে মোৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছে ৷

সাংবাদিকৰ আগত যোশীয়ে কয় যে ৰাজস্থান বিজেপি ইউনিটত মতানৈক্য থকাটো মিছা কথা ৷ পৰৱৰ্তী পদক্ষেপ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বত সিদ্ধান্ত লোৱা হ’ব ৷

যোশীয়ে লগতে কয় যে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তত সকলোৱে বান্ধ খাই থাকিব ৷ ৰাজস্থানত কংগ্ৰেছৰ পৰা বিজেপিয়ে ক্ষমতা দখল কৰাৰ এসপ্তাহ হ’ল ৷ 200 সদস্যৰ সদনত গেৰুৱা দলটোৱে 115 খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 69 খন আসন লাভ কৰে ৷

199 খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে 3 ডিচেম্বৰ দেওবাৰে ভোটগণনা অনুষ্ঠিত হয় ৰাজ্যখনৰ ৷ কিন্তু এতিয়াও মুখ্যমন্ত্ৰী হিচাবে বিজেপিয়ে নতুন মুখ চিনাক্ত কৰিব পৰা নাই ৷

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অভিযোগ কৰে যে কংগ্ৰেছ আৰু দুৰ্নীতি একেটা মুদ্ৰাৰ দুটা পিঠি ৷ "আগতে ইউ পি এ আছিল ৷ এতিয়া I.N.D.I.A ৷ কিয় জানেনে ? ইউ পি এৰ সময়ত 12 লাখ কোটিতকৈ অধিক কেলেংকাৰী সংঘটিত হৈছিল ৷ ইয়াৰ ব্ৰেণ্ড নাম নষ্ট হৈছে ৷ গতিকে এতিয়া তেওঁলোকে নতুন নাম গঢ়ি তুলিছে I.N.D.I.A ৷ কংগ্ৰেছে তিনিখন ৰাজ্যত ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত জয়ী হ'ব পৰা নাছিল ৷ তেওঁলোকে নিজৰ অস্তিত্ব হেৰুৱাৰ অৱস্থালৈ আহিছে ৷"

যোশীয়ে আৰু কয় যে কংগ্ৰেছৰ অৰ্থ হৈছে ‘চিচি পাৰ্টি’ যাৰ অৰ্থ হৈছে ‘দুৰ্নীতিৰ প্ৰতিযোগিতা’ ৷ লগতে তেওঁ কৰ্ণাটক কংগ্ৰেছ চৰকাৰৰ কথাও উল্লেখ কৰে ৷ ইফালে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বসুন্ধৰা ৰাজেৰ জয়পুৰৰ বাসগৃহত উপস্থিত হয় কেইবাজনো বিজেপি বিধায়ক আৰু প্ৰাক্তন বিধায়ক ৷

বসুন্ধৰা ৰাজেই এইবাৰ ঘৰুৱা আসন - ঝলৰাপাটন বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আছে ৷ আন সম্ভাৱ্য প্ৰতিদ্বন্দ্বীসকল হ’ল কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু বাবা বালাকনাথ ৷

ABOUT THE AUTHOR

...view details