নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ :ভাৰতবাসীৰ স্বপ্নভংগ ৷ আইচিচিৰ এদিনীয়া বিশ্বকাপ 2023 ৰ ফাইনেলত মাতৃভূমিতেই কেংগাৰু বাহিনীৰ হাতত 6 উইকেটত পৰাজয়ৰ সন্মুখীন হয় ভাৰতীয় দলটো ৷ এই পৰাজয়ৰ লগে লগে ভাৰতৰ তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ছিন্ন ভিন্ন হৈ পৰে ৷
এই পৰাজয়ৰ পিচতে অনুৰাগীসকল শোকত ভাগি পৰে ৷ ছ’চিয়েল মিডিয়াত ক্ৰিকেট অনুৰাগীৰ অদ্ভুত প্ৰতিক্ৰিয়া পৰিলক্ষিত হয় ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইটোৰ পিচত সিটো মীম ৷ কিছুসংখ্যক অনুৰাগীয়ে ভাৰতৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰাৰ লগতে কিছুসংখ্যকে খঙত টিঙিৰতুলা হৈ পৰে ৷ আনহাতে কিছু লোকে শোকতো ভাগি পৰে ৷
ইয়াৰ মাজতে একাংশ ক্ৰিকেট অনুৰাগীয়ে ৰক্ষা কৰিছে অতীজৰ পৰম্পৰা ৷ আমি ক’বলৈ উলাইছো টিভি ভঙা পৰম্পৰাৰ কথা ৷ উত্তৰ প্ৰদেশৰ আলীগড়ত টীম ইণ্ডিয়াৰ পৰাজয়ত ক্ষুব্ধ হৈ ৰাইজে ৰজপথলৈ ওলাই আহি টিভি ভাঙি টীম ইণ্ডিয়াৰ বিৰুদ্ধে শ্ল’গান দিয়া দেখিবলৈ পোৱা গৈছে ৷
ক্ষুব্ধ অনুৰাগীয়ে কয় যে, যোৱা এমাহ ধৰি টীম ইণ্ডিয়াই বিশ্বকাপ অনাৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছে ৷ কিন্তু চূড়ান্ত খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ পিচত তেওঁলোকৰ বহুত খং উঠিছে ৷ তেওঁলোকৰ আশা নিৰাশালৈ পৰিৱৰ্তিত হ’ল ৷ বহুতো ক্ৰিকেট অনুৰাগীয়ে অন কেমেৰাই হুকহুকাই কান্দি উঠে ৷ এই পৰাজয় মানি ল’ব নোৱাৰি বুলি তেওঁলোকে শোক প্ৰকাশ কৰে ৷