অসম

assam

ETV Bharat / bharat

Alia Bhatt: আলিয়া ভাটে মুখমণ্ডলৰ উজ্বলতাৰ বাবে ব্যৱহাৰ কৰে এইবিধ সামগ্ৰী; এয়াই হৈছে তেওঁৰ সৌন্দৰ্যতাৰ ৰহস্য - মুলতানি মাটিৰ ফেচ পেক

আলিয়া ভাটে নিজৰ ছালৰ প্ৰকাৰ অনুযায়ীহে প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰে । এয়া হৈছে তেওঁৰ ছালৰ সৌন্দৰ্যতাৰ ৰহস্য ।

Alia Bhatt applies Multani Mitti face pack this is the secret of her beauty
আলিয়া ভাটে মুখমণ্ডলৰ উজ্বলতাৰ বাবে ব্যৱহাৰ কৰে এইবিধ সামগ্ৰী, এয়াই হৈছে তেওঁৰ সৌন্দৰ্যতাৰ ৰহস্য

By

Published : May 26, 2023, 7:36 PM IST

বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট নিজৰ উজ্বল ছালৰ বাবে পৰিচিত । কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে । বিশেষ কথাটো হ’ল যে আলিয়া ভাটে তেওঁৰ ছালৰ যথেষ্ট যত্ন লয় (Summer beauty care)। প্ৰাকৃতিক আৰু ঘৰুৱা উপায়েৰে ছালৰ যত্ন লয় আলিয়া ভাটে । আলিয়া ভাটে কয় যে, তেওঁ নিজৰ উজ্বল ছালৰ বাবে স্বাস্থ্যসন্মত খাদ্য মানি চলে (Alia Bhatt)।

ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ যথেষ্ট পানী খায় । আলিয়া ভাটে নিজৰ ছাল অনুযায়ী প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰে । তেওঁৰ ছালৰ সৌন্দৰ্যৰ ৰহস্য কৈছে আলিয়া ভাটে । অভিনেত্ৰীগৰাকীয়ে নিজৰ ছালখন শিথিল কৰিবলৈ ব্যৱহাৰ কৰে মুলতানি মাটিৰ ফেচ পেক । ইয়াৰ উপৰিও তেওঁ মুখমণ্ডলত বৰফ ব্যৱহাৰ কৰে (Alia Bhatt skincare)।

মুখৰ বাবে উপকাৰী মুলতানি মাটিৰ ফেচ পেক

আলিয়া ভাটে স্বাভাৱিকভাৱে নিজৰ ছালৰ যত্ন লয় । এই ঘৰুৱা উপায় তেওঁৰ বৰ প্ৰিয় । মুলতানি মাটি ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । ইয়াৰ ফলত ছালৰ অতিৰিক্ত তেল আঁতৰি যায় (Alia Bhatt skincare routine)। ইয়াৰ উপৰিও ব্ৰণত ই অতি উপকাৰী ।

মুলতানি মাটিৰ ফেচ পেকৰ সামগ্ৰী

  • মুলতানি মাটি পাউদাৰ
  • পিহি লোৱা অমিতা

তৈয়াৰৰ পদ্ধতি

  • প্ৰথমে এটা পাত্ৰত এচামুচ মুলতানি মাটি পাউদাৰ লৈ লওক
  • মুলতানি মাটিত অমিতাৰ পাল্প দিয়ক
  • অলপ ডাঠ হোৱালৈকে মিহলাই লওক
  • ইয়াত গোলাপৰ পানীও দিব পাৰে
  • ভালদৰে মিহলাই মাস্ক তৈয়াৰ কৰি লওক
  • এতিয়া এই পেষ্টটো মুখত লগাওক
  • শুকুৱালৈকে অপেক্ষা কৰক
  • ভালদৰে শুকুৱাই লোৱাৰ পিচত পানীৰে ধুই পেলাওক
  • সপ্তাহত ৩ বাৰ এই পেক প্ৰয়োগ কৰিব পাৰে

বৰফেৰে কৰক মালিচ

ছালৰ ছিদ্ৰবোৰ টান কৰি ৰাখিবলৈ ছালত বৰফেৰে মুখমণ্ডল মালিচ কৰক । ইয়াৰ ফলত ছালখনো টান হৈ থাকে । ইয়াৰ উপৰিও টেনিং কৰিলেও ছালত কোনো প্ৰভাৱ নপৰে । গতিকে আপুনিও আলিয়া ভাটৰ এই সৌন্দৰ্য্যতাৰ গোপন মুলমন্ত্ৰ অনুসৰণ কৰিব পাৰে ।

লগতে পঢ়ক:World Thyroid Day 2023: থাইৰয়ড কি ? ইয়াৰ লক্ষণ ইতিহাস তথা নিৰাময়ৰ উপায় জানো আহক

ABOUT THE AUTHOR

...view details