চিটাৰা ডেস্ক, 18 ছেপ্টেম্বৰ:বলীউডৰ অভিনেতা আলিয়া ভাটে দেওবাৰে ৰণবীৰ কাপুৰৰ সৈতে এখন ৰোমান্টিক ফটো ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে (Alia Bhatt Ranbir Kapoor maternity shoot pictures) । এই ছবিখন ৰণবীৰ-আলিয়াৰ ক্ল'জ আপ ফটো(Alia Bhatt and Ranbir Kapoor romantic pictures) ।
এই ব্লেক এণ্ড হোৱাইট ফটোখন আলিয়াই ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰে, য’ত ৰণবীৰে আলিয়াক অতি মৰমলগাকৈ সাৱটি ধৰি নাকত চুমা খাই আছে । ৰণবীৰ-আলিয়াক ফটোখনত খুব ক্ল'জ দেখা গৈছে ৷ ৰণবীৰক ফটোখনত Beard lookত দেখা গৈছে । অনুৰাগীসকলেও ফটোখন খুব পচন্দ কৰিছে ৷