নেশ্যনেল ডেস্ক,১৫ ফেব্ৰুৱাৰী :শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ সদস্য তৌহিদ আহমেদ শ্বাহক ৭ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল । অভিযোগ অনুসৰি উত্তৰ প্ৰদেশত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল সংগঠনটোৱে । ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ বিশেষ আদালতে অভিযুক্তক ৬ দিনৰ ৰিমাণ্ডলৈ প্ৰেৰণ কৰিছে (Accused Tauhid Ahmed Shah to NIA custody)। NIAৰ বিশেষ ন্যায়াধীশ মহম্মদ গজালীয়ে মঙলবাৰে অভিযুক্তজনক ৰিমাণ্ডলৈ প্ৰেৰণ কৰে ।
ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হোৱা শুনানিত আদালতে উল্লেখ কৰিছে যে তৌহিদ আহমেদ শ্বাহক শাৰীৰিক বা মানসিকভাৱে অত্যাচাৰ কৰিব নোৱাৰিব । কাৰাগাৰলৈ যোৱা আৰু তাৰ পৰা মুকলিৰ সময়ত স্বাস্থ্য পৰীক্ষা কৰা হ'ব । ইয়াৰ বাহিৰেও, যদি কোনো অধিবক্তাই ৰিমাণ্ডৰ সময়ত থাকিব বিচাৰে, নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি থাকিব পাৰে ।
NIAৰ বিশেষ অধিবক্তা এম কে সিং আৰু সহ-অনুসন্ধানকাৰী আশুতোষ প্ৰধানে আদালতত যুক্তি দিয়ে যে শ্বাহ হৈছে অল কায়দা সংগঠনৰ সন্ত্ৰাসবাদী যিয়ে এটা ভয়ংকৰ বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । তেওঁলোকে অভিযোগ কৰা মতে অভিযুক্তৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধনো জমা কৰা হৈছে । এই ধন বিভিন্ন ব্যক্তিক বিতৰণ কৰা হৈছে যিসকলক জেৰা অব্যাহত ৰখা হৈছে ।