বোকাখাত, 8 আগষ্ট: ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ডক লৈ ৰাজনৈতিক মহলত তোলপাৰ লাগিছে ৷ দেওবাৰে এই কাণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নাম সাঙোৰ খোৱা ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাৰ বাসগৃহত পশ্চিম বংগৰ চি আই ডি বিভাগে অনুসন্ধান চলাবলৈ অহাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বিস্ফোৰক তথ্য ফাদিল কৰে (Jharkhand MLA Horse Trading) ৷
ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয় মংগল সিঙে (Jharkhand Congress MLA Kumar Jaimangal) স্থানীয় থানা এখনত দাখিল কৰা এজাহাৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে ঝাৰখণ্ডৰ বিজেপি বিৰোধী জোঁট চৰকাৰৰ পতন ঘটোৱা আৰু ৰাজ্যখনৰ বিজেপি চৰকাৰৰ গঠন কৰাৰ ষড়যন্ত্ৰ চলা বুলি উল্লেখ কৰাৰ পাছতে বিষয়টোক আৰম্ভ হোৱা চৰ্চা অব্যাহত আছে (Himanta Biswa Sarma in Jharkhand MLA FIR)। দেশজুৰি চৰ্চা লাভ কৰা এই ঘটনা তথা ঝাৰখণ্ডৰ বিধায়কজনে দাখিল কৰা এজাহাৰ সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
সোমবাৰে বোকাখাতত এখন সংবাদমেল আয়োজন কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক ক’লা অধ্যায়ৰ তথ্য পোহৰলৈ আনে ৷ গগৈয়ে কয় যে, অশোক ধানুকাৰ লগত কি সম্পৰ্ক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ? অশোক ধানুকা কোন ? অশোক ধানুকাৰ নাম কিয় ঝাৰখণ্ডৰ বিধায়ক ক্ৰয়ৰ কেলেংকাৰীত সাঙোৰ খাইছে ?
উল্লেখ্য যে, যোৱা 30 জুলাইত পশ্চিম বংগৰ হাওৰা আৰক্ষীয়ে নগদ ৪৮ লাখ টকাসহ গ্ৰেপ্তাৰ কৰিছিল ঝাৰখণ্ডৰ তিনিজন কংগ্ৰেছী বিধায়কক (Jharkhand MLA nabbed with large amount of Cash) ৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি এই ঘটনাৰ পূৰ্বে 28 জুলাইত গুৱাহাটীৰ এজন শীর্ষ বিজেপি নেতাক সাক্ষাৎ কৰিছিল ঝাৰখণ্ডৰ তিনি কংগ্ৰেছী বিধায়কে ৷
গুৱাহাটীৰ বিজেপিৰ শীৰ্ষ নেতাজনৰ লগত হোৱা বৈঠকৰ পিছতেই কলিকতালৈ ৰাওনা হোৱা কংগ্ৰেছী বিধায়কে সাক্ষাৎ কৰে মহেন্দ্ৰ আগৰৱালা নামৰ এজন ব্যৱসায়ীক ৷ এই ব্যৱসায়ীজনেই কংগ্ৰেছী বিধায়ক তিনিজনক ধনৰ যোগান ধৰাৰ তথ্য চি আই ডিৰ তদন্তত পোহৰলৈ অহা বুলি বাতৰি প্ৰকাশ পাইছে সংবাদ মাধ্যমত ৷ অশোক ধানুকাই এই বৃহৎ পৰিমানৰ ধনৰ যোগান ধৰাৰ সন্দেহ কৰিছে পশ্চিম বংগৰ চি আই ডিয়ে ৷
অসমৰ এটা পৰ্টেল আৰু এখন ৰাষ্ট্ৰীয় সংবাদ পত্ৰিকাৰ যৌথ অনুসন্ধানত সম্পূর্ণ তথ্য সহকাৰে অশোক কুমাৰ ধানুকাৰ সৈতে মুখ্যমন্ত্ৰী পৰিয়ালৰ ঘনিষ্ঠ ব্যবসায়ীক সম্পর্কৰ কথা উন্মোচিত হৈছিল ৷ অখিল গগৈয়ে প্ৰকাশ কৰা তথ্য অনুসৰি-