নেশ্যনেল ডেস্ক,২ জুলাই : মহাৰাষ্ট্ৰৰ ৰাজনীতিত ব্যাপক উত্তেজনা দেখিবলৈ পোৱা গৈছে । এইবাৰ মহাৰাষ্ট্ৰৰ শাসকীয় দলত যোগদানৰ যো-জা চলাইছে বিৰোধী নেতা অজিত পাৱাৰে । এনচিপিৰ প্ৰভাৱশালী নেতা অজিত পাৱাৰে শিৱসেনাৰ একনাথ সিন্দে গোটত যোগদানৰ সম্ভাৱনা আছে । এই খবৰে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ভিতৰচ'ৰাত ধুমুহাৰ সৃষ্টি কৰিছে ।
শেহতীয়াকৈ এনচিপিৰ সভাপতি পদক লৈ অজিত পাৱাৰ আৰু শৰদ পাৱাৰৰ মাজত মতানৈক্য দেখিবলৈ পোৱা গৈছিল । অজিত পাৱাৰে সভাপতিৰ পদক লৈ যথেষ্ট আশাবাদী আছিল যদিও তেওঁক দিয়া হোৱা নাছিল । সেই কথাক লৈ কিছু অসন্তুষ্ট আছিল বিৰোধী নেতা অজিত পাৱাৰ ।
এতিয়া অজিত পাৱাৰে শিৱসেনাৰ সিন্দে গোটত যোগদান কৰাৰ খবৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত তোলপাৰ লগাইছে । সূত্ৰৰ মতে কেৱল দলত যোগদানে নহয় তেওঁক দিয়া হ'ব উপ মুখ্যমন্ত্ৰীৰ আসন । বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ সৈতে যুটীয়াভাৱে তেওঁক এই দায়িত্ব দিয়া হ'ব পাৰে ! সূত্ৰৰ মতে শীঘ্ৰে শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব । অৱশ্যে এতিয়ালৈ একো নিশ্চিত হোৱা নাই যদিও ইতিমধ্যে বিভিন্ন মহলত জল্পনা কল্পনা আৰম্ভ হৈছে ।