নেশ্যনেল ডেস্ক,১৫ জুলাই : অজিত পাৱাৰৰ বিদ্ৰোহক লৈ নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ভিতৰচ'ৰাত এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত আছে । আনকি খুড়াক শৰদ পাৱাৰৰ সৈতে কৰা বিশ্বাসঘাটকতাৰ বাবে অজিত পাৱাৰক বহুতে সমালোচনাও কৰিছে । বিদ্ৰোহীসকলে আকৌ অজিত পাৱাৰৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে । ইয়াৰ মাজতে বিদ্ৰোহী ভতিজা অজিত পাৱাৰে শুকুৰবাৰে নিশা শৰদ পাৱাৰক সাক্ষাৎ কৰে ।
মহাৰাষ্ট্ৰৰ বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে নিশা তেওঁৰ খুড়াক তথা এনচিপিৰ মুৰব্বী শৰদ পাৱাৰৰ দক্ষিণ মুম্বাইত থকা ঘৰ চিলভাৰ অকত উপস্থিত হয় । বিদ্ৰোহ আৰম্ভ হোৱাৰ পাছত শৰদ পাৱাৰৰ বাসগৃহলৈ অজিত পাৱাৰৰ এয়া প্ৰথমটো ভ্ৰমণ আছিল ।
উল্লেখ্য যে শেহতীয়াকৈ পাৱাৰ পৰিয়ালৰ দুৰ্গ পুনে জিলাৰ বাৰামতী সমষ্টিক প্ৰতিনিধিত্ব কৰা ৬৩ বছৰীয়া অজিত পাৱাৰে একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনা বিজেপি চৰকাৰত যোগদান কৰিছিল । অজিত পাৱাৰক সমৰ্থন কৰা আন ৮ জন বহিষ্কৃত এনচিপি বিধায়কেও মহাৰাষ্ট্ৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । কেইবাখনো বৈঠকৰ অন্তত শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী একনাথ সিন্দে চৰকাৰে দপ্তৰ আৱণ্টন কৰে আৰু অজিত পাৱাৰক বিত্ত মন্ত্ৰালয় প্ৰদান কৰা হয় ।