অসম

assam

ETV Bharat / bharat

উত্তৰাখণ্ড ভ্ৰমণ অজিত দোভালৰ

উত্তৰাখণ্ডৰ ৰুৰকিস্থিত বংগ অভিযন্তাৰ গোট চমুকৈ বি ই জিৰ কাৰ্যালয়ত অনুষ্ঠিত হকী টুৰ্ণামেন্টত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে । তেওঁৰ পিতৃ মাজ গুণান্দ ডোভালৰ স্মৃতিত অনুষ্ঠিত কৰা হকী চেম্পিয়নশ্বিপৰ বাবে এক ৰোলিং ট্ৰফী 'ডোভাল ট্ৰফী' প্ৰদান ।

উত্তৰাখণ্ড ভ্ৰমণ অজিত দোভালৰ
উত্তৰাখণ্ড ভ্ৰমণ অজিত দোভালৰ

By

Published : Feb 13, 2021, 4:24 PM IST

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী: শুকুৰবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে উত্তৰাখণ্ড ভ্ৰমণ কৰে । উত্তৰাখণ্ডৰ ৰুৰকিস্থিত ভাৰতীয় সেনাৰ ৰেজিমেন্ট কৰ্পছ অফ ইঞ্জিনিয়াৰছৰ এক সামৰিক অভিযান্ত্ৰিক ৰেজিমেন্টৰ বংগ অভিযন্তাৰ গোট চমুকৈ বি ই জিৰ কাৰ্যালয়ত উপস্থিত হয় । বি ই জিত অনুষ্ঠিত হকী টুৰ্ণামেন্টত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দোভালে । তেওঁৰ পিতৃ মাজ গুণান্দ ডোভালৰ স্মৃতিত অনুষ্ঠিত কৰা হকী চেম্পিয়নশ্বিপৰ বাবে এক ৰোলিং ট্ৰফী 'ডোভাল ট্ৰফী' প্ৰদান কৰে । উল্লেখ্য যে, দোভালৰ পিতৃ এগৰাকী হকী খেলুৱৈ আছিল ।

এই টুৰ্ণামেন্ট বি ই জি চেপাৰৰ বিভিন্ন ৰেজিমেন্টৰ পৰা অহা দলৰ মাজত অনুষ্ঠিত হৈছিল । উক্ত অনুষ্ঠানত দোভালে এগৰাকী গৌৰৱান্বিত ভাৰতীয় সেনা হিচাপে পিতৃক স্মৰণ কৰে । লগতে ভাৰতীয় সেনাৰ ৰেজিমেন্ট কৰ্পছ অফ ইঞ্জিনিয়াৰছৰ এক সামৰিক অভিযান্ত্ৰিক ৰেজিমেন্টৰ বংগ অভিযন্তাৰ গোটক ভূয়সী প্ৰশংসা কৰে । বি ই জি দেশৰ সেৱা আগবঢ়োৱা আটাইতকৈ পুৰণি ৰেজিমেন্ট । দেশৰ বীৰসকলে ইতিহাসৰ ২০০ বছৰতকৈও অধিক সময় সেৱা আগবঢ়াইছে এই ৰেজিমেন্টটোৱে । উক্ত অনুষ্ঠানত উপস্থিত থকাৰ বাবে দোভালে বিশেষকৈ ই-ইন-চি লেফটেনেণ্ট জেনেৰেল হৰপাল সিং আৰু কৰ্নেল কমাণ্ডেণ্ট, কৰ্পছ অফ ইঞ্জিনিয়াৰছক ধন্যবাদ জ্ঞাপন কৰে । তাৰ পাচতে শ্বহীদসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাঞ্জলি হিচাপে পুষ্পাঞ্জলী জনাই নতুন দিল্লী অভিমুখে ৰাওনা হয় ।

লগতে পঢ়ক: আজিৰে পৰা পুনৰ মুকলি মোগল গাৰ্ডেন

ABOUT THE AUTHOR

...view details