নিউজ ডেস্ক, 29 মাৰ্চ:উত্তৰ-পূৰ্বাঞ্চলত ৰেলৱে’ খণ্ডৰ শেহতীয়া বিকাশ হিচাপে আগন্তুক বৰ্ষত ৰেলপথেৰে সংযোজিত হ’ব মিজোৰামৰ ৰাজধানী আইজল (Train connectivity to Aizwal)৷ এই বৃহৎ ৰেলৱে’ প্ৰকল্পৰ জৰিয়তে আইজল ৰেলপথৰে সংযোজিত উত্তৰ-পূৰ্বাঞ্চলৰ চতুৰ্থখন ৰাজধানী চহৰ হিচাপে পৰিগণিত হ’ব ৷ ইতিমধ্যে আইজললৈ ৰেল পথ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে ৷
ৰেল বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ৰ অধীনত নিৰ্মাণ হ’ব লগীয়া ব্ৰডগজ ৰেলপথ আইজলৰ চাইৰাং চহৰলৈকে স্থাপন কৰা হ’ব (Train line from Bairabi to Sairang)৷ চাইৰাং চহৰৰ পৰা আইজললৈ দূৰত্ব প্ৰায় 20 কিলোমিটাৰ ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ কৰ্তৃপক্ষই জনোৱা অনুসৰি অসমৰ হাইলাকান্দি জিলাৰ ভৈৰৱীৰ পৰা আইজলৰ চাইৰাঙলৈ মুঠ 52 কিলোমিটাৰ দৈৰ্ঘৰ ব্ৰডগজ ৰেলপথ স্থাপন কৰা হ’ব ৷
অহা বৰ্ষৰ পৰা ৰেল চলাচল আৰম্ভ কৰিবলৈ ঠিৰাং কৰা এই ৰেলপথ প্ৰকল্পৰ মুঠ নিৰ্ধাৰিত পুঁজি হৈছে 6,547 কোটি টকা ৷
এই ৰেলপথৰ নিৰ্মাণ 2023 চনৰ নৱেম্বৰ মাহত সম্পূৰ্ণ হ’ব ৷ ভৈৰৱী আৰু চিৰাঙৰ মাজৰ এই ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ কাম ইতিমধ্যে 70 শতাংশ সম্পূৰ্ণ হৈছে ৷ 52 কিলোমিটাৰ দৈৰ্ঘৰ এই ৰেলপথত চাৰিটাকৈ ষ্টেচন থাকিব ৷ ষ্টেচনকেইটা হৈছে কানপুই, হৰতকি, মুৱালকং আৰু চাইৰাং ৷ ৰেল পথটোত 55 খন ডাঙৰ দলং, মুঠ 12.63 কিলোমিটাৰ দৈৰ্ঘৰ 32 টা সুৰংগ আৰু 87 খন সৰু দলং আছে ৷