নিউজ ডেস্ক, 14 ছেপ্টেম্বৰ: উত্তৰ প্ৰদেশৰ পৰা ত্ৰিপুৰালৈ বিজেপিয়ে বিপুল হাৰত মটৰ চাইকেল অনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে(Trinamool Congress Rajya Sabha MP Sushmita Dev) ৷ ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধান অমিতাভ ৰঞ্জনক মঙলবাৰে সাংসদগৰাকীয়ে এই সন্দৰ্ভত তদন্ত কৰাৰ দাবী জনায় ৷ আগন্তুক ত্ৰিপুৰা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে এই মটৰ চাইকেলকেইখন ৰাজ্যখনলৈ অনাৰ সম্ভাৱনা ব্যক্ত কৰিছে সাংসদগৰাকীয়ে ৷
সাংসদ সুস্মিতা দেৱে অমিতাভ ৰঞ্জনলৈ(Tripura DGP Amitabh Ranjan) এখন পত্ৰ লিখি কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে কেইবাখনো মটৰ চাইকেল ক্ৰয় কৰি ত্ৰিপুৰালৈ আনিছে । মোৰ তথ্য অনুসৰি, বিজেপিয়ে ক্ৰয় কৰি অনা এই মটৰ চাইকেলবোৰত থকা পঞ্জীয়ন নম্বৰ (নম্বৰ প্লেট) উত্তৰ প্ৰদেশৰ (Purchasing bikes by BJP from UP) ৷ মোৰ আশংকা হৈছে যে, ত্ৰিপুৰাৰ পূৰ্বৰ ৰাজনৈতিক হিংসাত্মক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত (Tripura Assembly Elections 2023) মটৰ-চাইকেলকেইখন অপব্যৱহাৰ হ'ব পাৰে ৷