আগৰতলা,৫ ফেব্ৰুৱাৰী :অহা সপ্তাহৰ পৰা ত্ৰিপুৰাত আৰম্ভ হ'ব বৃহৎ প্ৰতিবাদ । অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছে (AITC) ৰাজ্যখনৰ প্ৰতিটো ব্লকতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব (AITC to hold block level protest in Tripura)। দুৰ্নীতি আৰু বিভিন্ন আঁচনি ৰূপায়ণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে হ'ব এই প্ৰতিবাদ । সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিলে AITCৰ ত্ৰিপুৰাৰ আহ্বায়ক সুবল ভৌমিকে ।
সুবল ভৌমিকে উল্লেখ কৰা মতে ক'ভিড মহামাৰীৰ ফলত প্ৰভাৱিত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ সহায়ৰ বাবে আৰু ৰাজ্যখনত সঠিকভাৱে চৰকাৰী আঁচনি ৰূপায়ণৰ দাবীত হ'ব এই প্ৰতিবাদ । ইফালে এমএনৰেগা শ্ৰমিক, হকাৰ, পৰিবহণ খণ্ডৰ শ্ৰমিক, ঘৰুৱা শ্ৰমিক আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক সাহায্য প্ৰদানৰ দাবী জনায় তৃণমূল কংগ্ৰেছে । AITCৰ নেতাগৰাকীয়ে উল্লেখ কৰা মতে ৰাজ্যখনৰ প্ৰায় ১৮ হাজাৰ ঠিকাভিত্তিক আশা কৰ্মী আৰু অংগনৱাড়ী কৰ্মীয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । সেয়ে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনায় নেতাগৰাকীয়ে ।
ক'ভিড মহামাৰীৰ বাবে বিগত দুবছৰত ব্যক্তিগত আৰু বিত্তীয় লোকচানৰ সন্মুখীন হৈছে শ্ৰমিকসকল । ভৌমিকৰ মতে ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বাবে এই লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ডৰ অধিক অৱনতি ঘটিছে । সংবাদমেলত তৃণমূল কংগ্ৰেছৰ নেতা সুবল ভৌমিকে ৰাজ্যখনত সংঘটিত বিভিন্ন দূৰ্নীতি সম্পৰ্কেও উল্লেখ কৰে ।
তেওঁৰ অভিযোগ ৰাইজৰ মাজত নিম্ন মানদণ্ডৰ সামগ্ৰী আৰু ৰেচন বিতৰণৰ লগতে কৃষকৰ বাবে কীটনাশক দ্ৰব্য, সাৰ আৰু বীজৰ নিৰন্তৰ যোগানত ব্যৰ্থ হৈছে প্ৰশাসন । এই বিতৰণ ব্যৱস্থাত দুৰ্নীতি সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যখনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ কৰে নেতাগৰাকীয়ে ।