অসম

assam

ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছক প্ৰধান বিৰোধী দল বুলি দাবী অভিষেক বেনাৰ্জীৰ

প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে ত্ৰিপুৰাত উপস্থিত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী (AITC General Secretary Abhishek Banerjee in Tripura)। বেনাৰ্জীৰ মতে ত্ৰিপুৰাত তৃণমূল এতিয়া প্ৰধান বিৰোধী দল । সাধাৰণ সম্পাদকগৰাকীৰ দাবী বিজেপি গুণ্ডা বাহিনীক ভয় নকৰে তৃণমূল কংগ্ৰেছে ।

By

Published : Jan 2, 2022, 8:36 PM IST

Published : Jan 2, 2022, 8:36 PM IST

AITC General Secretary Abhishek Banerjee
ত্ৰিপুৰাত তৃণমূল এতিয়া প্ৰধান বিৰোধী দল

আগৰতলা, ২ জানুৱাৰী :অহা ৪ জানুৱাৰীত ত্ৰিপুৰালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi will arrive in Tripura)। ইতিমধ্যে শাসকীয় বিজেপি সম্পূৰ্ণ ব্যস্ত প্ৰধানমন্ত্ৰীক আদৰিবলৈ । ইয়াৰ মাজতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী উপস্থিত ত্ৰিপুৰাত (AITC General Secretary Abhishek Banerjee in Tripura)। দলৰ সাংগঠিনক কাম কাজ চোৱাৰ লগতে দলীয় কৰ্মীসকলক সাক্ষাৎ কৰাৰ বাবে তৃণমূলৰ নেতাগৰাকী ত্ৰিপুৰাত উপস্থিত হয় ।

ত্ৰিপুৰাত উপস্থিত হৈয়ে নেতাগৰাকীয়ে বিখ্যাত চৈধ্য দেৱতাৰ মন্দিৰ দৰ্শন কৰে (Abhishek Banerjee visited the fourteen goddess temple) আৰু তাৰ পাছতে খোৱাই জিলাৰ তেলিয়ামূৰা মহকুমাত উপস্থিত হয় । ত্ৰিপুৰাত নেতাগৰাকীৰ ঘোষণা যে, ২০২১ ৰ নৱেম্বৰত অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচনত ২৩ শতাংশতকৈও অধিক ভোট লাভ কৰি তৃণমূল কংগ্ৰছ ৰাজ্যখনৰ মুখ্য বিৰোধী দল হৈ পৰিছে । তেওঁৰ দাবী তৃণমূলে এতিয়া ত্ৰিপুৰাত বিজেপিৰ বাবে কোনো স্থান নেৰিব ।

আগন্তুক ২০২৩ চনৰ নিৰ্বাচনৰ প্ৰস্তুতি চলাবলৈ এতিয়া তৃণমূলৰ হাতত এবছৰ সময় আছে । তেওঁ নিশ্চিত যে বিপ্লৱ কুমাৰ দেৱৰ গুণ্ডা বাহিনীয়ে আৰু তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰে । বিজেপিক সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে, বিৰোধীৰ দলীয় কাৰ্যালয়ত আক্ৰমণ, বিৰোধী নেতা-কৰ্মীক আক্ৰমণৰ দৰে বিজেপিৰ কৌশলে আৰু কোনো ফল নিদিয়ে (Abhishek Banerjee criticizes ruling BJP in Tripura)। মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰৰ বিৰুদ্ধে অভিযোগ তুলি নেতাগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী গৰাকীৰ 'দুৱাৰত গুণ্ডা' মডেলে একো কৰিব নোৱাৰে ।

অভিষেক বেনাৰ্জীয়ে লগতে কয় যে, ত্ৰিপুৰাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ সাজু হৈছে তৃণমূল কংগ্ৰেছ । তেওঁ নৱবৰ্ষৰ শুভেচ্ছা জনায় কয় যে তেওঁ আশাবাদী নতুন বছৰে ত্ৰিপুৰাবাসীৰ মাজত সুখ আৰু শান্তি সম্প্ৰীতি গঢ়ি তুলিব । ত্ৰিপুৰাৰ উন্নয়নৰ কথা উল্লেখ কৰি নেতাগৰাকীয়ে কয় যে ৰাজ্যখনত এখন উপযুক্ত চিকিৎসালয় নাই, মহাবিদ্যালয় নাই, সঠিক ৰাস্তা নাই ।

এনেদৰে ত্ৰিপুৰা ৰাজ্যখন কেনেদৰে চলিব বুলিও প্ৰশ্ন কৰে নেতাগৰাকীয়ে । তৃণমূলৰ নেতাগৰাকীৰ অভিযোগ ত্ৰিপুৰা চৰকাৰে উচ্চতম ন্যায়ালয়ৰ আদেশ পালন নকৰে । তেওঁৰ দাবী যদিহে ৰাইজে তেওঁলোকৰ পক্ষত ভোট দিয়ে তেনেহ'লে ৰাজ্যখনত শিক্ষাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে উন্নয়ন আনিব সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে । বেনাৰ্জীয়ে দাবী কৰা মতে বিজেপিৰ মুখামুখি হ'ব পৰা একমাত্ৰ দল হৈছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ ।

পশ্চিমবংগ পৰা আৰম্ভ কৰি গোৱা, ত্ৰিপুৰা সকলোতে তৃণমূল কংগ্ৰেছে ভেটি শক্তিশালী কৰি ৰাখিছে বুলিও দাবী কৰে নেতাগৰাকীয়ে । অভিষেক বেনাৰ্জীৰ মতে বিজেপি আৰু চৰকাৰৰ নিয়ন্ত্ৰণত থকা অনুসন্ধানকাৰী সংস্থাসমূহকো কোনো ভয় নকৰে তৃণমূল কংগ্ৰেছে । ত্ৰিপুৰাত কোনো আক্ৰমণকাৰীৰ স্থান নাই আৰু সেয়ে বিজেপিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে যুঁজিব বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ।

সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ মতে বিজেপিয়ে তৃণমূলৰ নেতাক আক্ৰমণ কৰিব পাৰিব, বাহন আৰু সম্পত্তি ধ্বংস কৰিব পাৰিব কিন্তু তৃণমূলৰ আধ্যাত্মিক সত্তাক ধ্বংস কৰিব নোৱাৰে ।

লগতে পঢ়ক :Vaccination for teenagers: শীঘ্ৰেই ত্ৰিপুৰাত কিশোৰ-কিশোৰীয়ে লাভ কৰিব কভি'ড প্ৰতিষেধক

For All Latest Updates

ABOUT THE AUTHOR

...view details