অসম

assam

By

Published : Apr 6, 2021, 7:39 PM IST

ETV Bharat / bharat

এয়াৰটেল-জিঅ’ৰ স্পেকট্ৰাম ট্ৰেডিং চুক্তি ঘোষণা

এয়াৰটেল আৰু জিঅ'ই মঙলবাৰে এটা স্পেকট্ৰাম ট্ৰেডিং চুক্তি স্বাক্ষৰ কৰে । এই চুক্তি অনুসৰি এয়াৰটেলে ইয়াৰ ৭.৫০ মেগাহাৰ্জ স্পেকট্ৰাম ব্যৱহাৰৰ অধিকাৰ জিঅ'লৈ স্থানান্তৰ কৰিব ।

এয়াৰটেল-জিঅ'ৰ মাজত স্পেকট্ৰাম ট্ৰেডিং চুক্তি ঘোষণা
এয়াৰটেল-জিঅ'ৰ মাজত স্পেকট্ৰাম ট্ৰেডিং চুক্তি ঘোষণা

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল:ভাৰতী এয়াৰটেল আৰু ৰিলায়েঞ্চ জিঅ' ইনফ'কমৰ মাজত বিশেষ চুক্তি সম্পন্ন । ভাৰতী এয়াৰটেলে মঙলবাৰে ঘোষণা কৰা মতে অন্ধ্ৰপ্ৰদেশত ৩.৭৫ মেগাহাৰ্জ, দিল্লীত ১.২৫ মেগাহাৰ্জ আৰু মুম্বাইত ২.৫০ মেগাহাৰ্জৰ লগতে ৮০০ বেণ্ডত স্পেকট্ৰামৰ ব্যৱহাৰৰ অধিকাৰ জিঅ'লৈ স্থানান্তৰ কৰাৰ চুক্তি ঘোষণা কৰে ।

এয়াৰটেলে এক বিবৃতিত উল্লেখ কৰা মতে চুক্তিখন আইনী অনুমোদনৰ অপেক্ষাত আছে । এই চুক্তিৰ জৰিয়তে এয়াৰটেলে ৭.৫০ মেগাহাৰ্জ স্পেকট্ৰামৰ প্ৰস্তাৱিত স্থানান্তৰৰ বাবে জিঅ'ৰ পৰা ১,০৩৭.৬ কোটি টকা লাভ কৰিব । ইয়াৰ উপৰিও জিঅ'ই ভৱিষ্যতে স্পেকট্ৰাম সম্পৰ্কীয় ৪৫৯ কোটি টকাৰ দায়বদ্ধতা গ্ৰহণ কৰিব।

ভাৰতী এয়াৰটেলৰ এমডি আৰু চিইঅ' গোপাল ভিট্টালে কয় যে এই তিনিটা চাৰ্কলত ৮০০ মেগাহাৰ্জ ব্লক বিক্ৰীয়ে এয়াৰটেলক অব্যৱহৃত স্পেকট্ৰামৰ পৰা মূল্য আনলক কৰিবলৈ সক্ষম কৰিছে । যিটো সামগ্ৰিক নেটৱৰ্ক ৰণনীতিৰ সৈতে সংযোজিত ।

এক বিবৃতিত জিঅ'ই কয় যে দুৰসংযোগ বিভাগে জাৰি কৰা স্পেকট্ৰাম ট্ৰেডিং নিৰ্দেশনা অনুসৰি বাণিজ্য চুক্তিখন কৰা হৈছে । যোৱা মাৰ্চত জিঅ'ই টেলিকম বিভাগৰ পৰা আনুমানিক ৫৭,১১২.৬৫ কোটি টকা ব্যয় কৰি ৮০০ মেগাহাৰ্জ, ১৮০০ মেগাহাৰ্জ আৰু ২,৩০০ মেগাহাৰ্জ বেণ্ডত ৪৮৮.৩৫ মেগাহাৰ্জ স্পেকট্ৰাম ক্ৰয় কৰিছিল ।

লগতে পঢ়ক:কোন দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিব এই নিৰ্বাচনত ? এক বিশ্লেষণ...

ABOUT THE AUTHOR

...view details