নেশ্য়নেল ডেস্ক , ২২ ডিচেম্বৰ :System of Air Quality and Weather Forecasting And Research চমুকৈ SAFAR ৰ মতে মঙলবাৰে দিল্লীৰ বায়ু গুণাগুণ সূচাঙ্ক বহূ তললৈ নামি আহিছে । পুৱা ৭.৩০ বজাত বায়ুত থকা কণাৰ উপাদানৰ মাত্ৰা ৩২৯ পোৱা যায় । তাৰ পিছতে দিল্লীবাসীয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে । ৰাজপথৰ এজন বাসিন্দাই কোৱা মতে দিল্লীত শীতৰ প্ৰকোপ বাঢ়ি যোৱৰ লগে লগে বায়ু প্ৰদূষণৰ মাত্ৰাও বাঢ়ি গৈছে যাৰ ফলত তেওঁ উশাহ লোৱাত কষ্ট অনুভৱ কৰিছে ; কিন্তু আগতে শীতৰ দিনত এনে হোৱা নাছিল ।
ময়ূৰ বিহাৰ আৰু অক্ষৰধাম মন্দিৰকে ধৰি ৰাজধানী চহৰৰ বহু অঞ্চলত ধোঁৱাৰ এক ডাঠ আৱৰণ দেখিবলৈ পোৱা গৈছে । যোৱা ২-৩ টা দিনত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন দেখিবলৈ পোৱাৰ লগতে দৃশ্য়মান শূন্য় হৈ গৈছে বুলি ময়ূৰ বিহাৰলৈ প্ৰাতঃভ্ৰমণৰ বাবে অহা এজন ব্য়ক্তিয়ে জানিবলৈ দিয়ে । আন এজনৰ মতে আকৌ হিমাচলৰ মনালিত তুষাৰপাত হৈছে যাৰ বাবে দিল্লীৰ বতৰত প্ৰভাৱ পৰিছে । ক’ভিড ১৯ ৰ সংক্ৰমণ অব্য়াহত থকাৰ সময়চোৱাতে চিকিৎসকসকলে ৰাইজক অধিক সাৱধান হ'বলৈ আহ্বান জনাইছে, কাৰণ তাপমাত্ৰা কমি যোৱাৰ লগে লগে আৰু প্ৰদূষণ বাঢ়ি অহাৰ লগে লগে শ্বাস প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি পায়।