নতুন দিল্লী, 15 নৱেম্বৰ :ৰাজধানীদিল্লীত শনিবাৰে নিশা বায়ুৰ মানদণ্ড অধিক গুৰুতৰ অৱস্থালৈ গতি কৰে ৷ দীপাৱলী উদযাপনক লৈ প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়ম সমূহ উলংঘন কৰি বিভিন্ন ধৰণৰ আতচবাজী জ্বলোৱাৰ পাছতে বায়ুৰ মানদণ্ড গুৰুতৰ অৱস্থালৈ গতি কৰিছে বুলি জানিব পৰা গৈছে ৷
দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতি (ডিপিচিচি) তথ্য অনুসৰি শনিবাৰে দিনৰ ১১ বজাত আনন্দ বিহাৰত, আইজিআই বিমান বন্দৰ, আইটিঅ' তথা লোধি ৰোড এৰিয়া আদি বিভিন্ন অঞ্চলত বায়ুৰ মানদণ্ড গুৰুতৰ অৱস্থালৈ গতি কৰে ৷