অসম

assam

ETV Bharat / bharat

বায়ু সেনা একাডেমীৰ কমাণ্ডেণ্টৰ দায়িত্ব গ্ৰহণ এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰৰ - ভাৰতীয় বায়ু সেনাৰ বায়ু সেনা একাডেমীৰ নতুন কমাণ্ডেণ্ট

AVSM এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰে মঙলবাৰে ভাৰতীয় বায়ু সেনাৰ বায়ুসেনা একাডেমীৰ কমাণ্ডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰে (B Chandra Sekhar takes over as Commandant)। ইয়াৰ পূৰ্বে তেওঁ প্ৰশিক্ষণ কমাণ্ডৰ শীৰ্ষ বিমান কৰ্মচাৰী বিষয়া আছিল । হায়দৰাবাদৰ বাসিন্দা বি চন্দ্ৰ শেখৰৰ বিভিন্ন বিমান ৫,৪০০ ঘণ্টাতকৈও অধিক সময় সফলভাৱে পৰিচালনা কৰাৰ অভিজ্ঞতা আছে ।

B Chandra Sekhar
বায়ুসেনা একাডেমীৰ কমাণ্ডেণ্টৰ দায়িত্ব গ্ৰহণ এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰৰ

By

Published : Mar 9, 2022, 11:46 AM IST

নেশ্যনেল ডেস্ক, ৯ মাৰ্চ :ভাৰতীয় বায়ু সেনাৰ বায়ু সেনা একাডেমীৰ কমাণ্ডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰে AVSM এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰে (B Chandra Sekhar takes over as Commandant) । তেলেংগানাৰ সন্তান এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰে হায়দৰাবাদত স্কুলীয়া শিক্ষা লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত অংশগ্ৰহণ কৰিছিল ।

বি চন্দ্ৰ শেখৰ ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ ৱেলিংটন, ফ্লাইং ইনষ্ট্ৰাক্টৰস্কুল, কলেজ অৱ ডিফেন্স মেনেজমেণ্ট আৰু নেচনেল ডিফেন্স কলেজৰ প্ৰাক্তন ছাত্ৰ । এয়াৰ মাৰ্শ্বেল বি চন্দ্ৰ শেখৰ ১৯৮৪ চনৰ ২১ ডিচেম্বৰত ভাৰতীয় বায়ু সেনাত নিযুক্তি লাভ কৰিছিল । বিভিন্ন বিমান ৫,৪০০ ঘণ্টাতকৈও অধিক সময় সফলভাৱে পৰিচালনা কৰাৰ অভিজ্ঞতা আছে এয়াৰ মাৰ্শ্বেলৰ ।

চিয়াচেন হিমবাহত প্ৰথম MLH শ্ৰেণীৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰো তেওঁৰ অভিজ্ঞতা আছে । ইফালে তেওঁ এগৰাকী সফল উৰণ প্ৰশিক্ষক । প্ৰায় চাৰি দশকৰ কেৰিয়াৰত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে । পূৱ খণ্ডত অ'পিএছ আইআইবি, ষ্ট্ৰেটেজিক ফ'ৰ্চেছ কমাণ্ডৰ মুখ্য সঞ্চালক (প্ৰশাসন) আৰু জ্যেষ্ঠ বিষয়া প্ৰশাসন, চাউদাৰ্ণ এয়াৰ কমাণ্ড আৰু ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্তি লাভ কৰিছিল ।

তেওঁ পূৱ খণ্ডত চিনুক হেলিকপ্টাৰ আৰু ৰাফেল বিমান অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন সেৱা আৰু অন্যান্য প্ৰশাসনিক বিষয়সমূহ পৰিচালনা কৰিছে । বায়ু সেনা একাডেমীৰ কমাণ্ডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ প্ৰশিক্ষণ কমাণ্ডৰ শীৰ্ষ বিমান কৰ্মচাৰী বিষয়া আছিল । তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০২০ চনত AVSM সন্মান প্ৰদান কৰে । এয়াৰ মাৰ্শ্বেলগৰাকীৰ পত্নী এগৰাকী অভিজ্ঞ বেংকাৰ আৰু পুত্ৰ আৰু কন্যা দুয়োগৰাকীয়ে ভাৰতীয় বায়ু সেনাৰ কমিছনড বিষয়া ।

লগতে পঢ়ক :উত্তৰ-পূৱৰ প্ৰথমখন ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অমিত শ্বাহৰ

ABOUT THE AUTHOR

...view details